নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাঁজী চেতিয়া গাঁৱৰ মুক্তিযোদ্ধা চন্দ্রধৰ চেতিয়াক ৰাষ্ট্রপতিৰ অভিনন্দন–পত্র

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষত সোমবাৰে ভাৰতৰ ৰাষ্ট্রপতিৰ দ্বাৰা অসমৰ একমাত্র মুক্তিযোদ্ধা হিচাপে অভিনন্দিত হৈছে যোৰহাট জিলাৰ জাঁজী হাঁহচৰা চেতিয়া গাঁও নিৱাসী চন্দ্রধৰ চেতিয়া৷ সোমবাৰে পুৱাৰ ভাগত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বর্মন আৰু অতিৰিক্ত উপায়ুক্ত দামোদৰ বর্মনে মুক্তিযোদ্ধাগৰাকীৰ গৃহত উপস্থিত হৈ ভাৰতৰ ৰাষ্ট্রপতিৰ হৈ মুক্তিযোদ্ধা চন্দ্রধৰ চেতিয়ালৈ ৰাষ্ট্রপতিৰ দ্বাৰা প্রেৰিত অভিনন্দন–পত্র, অংগবস্ত্র, শ্ব’ল প্রদান কৰে৷

জিলা উপায়ুক্তই অসম চৰকাৰ অৰু জিলা প্রশাসনৰ হৈ সঁফুৰা, গামোচা, ফলমূলৰ টোপোলাৰে সম্বর্ধনা জনায়৷

উল্লেখ্য যে ১৯৪২ চনৰ আগষ্ট মাহৰ ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকীত সোমবাৰে কেন্দ্রীয় চৰকাৰে সমগ্র দেশৰে মুঠ ৮৫গৰাকী মুক্তিযোদ্ধাক সম্বর্ধনা জনাইছে আৰু চন্দ্রধৰ চেতিয়া হৈছে এই সম্বর্ধনা লাভ কৰা অসমৰ একমাত্র মুক্তিযোদ্ধা৷

সম্বর্ধনা গ্রহণ কৰি ৯৪ বছৰীয়া মুক্তিযোদ্ধাগৰাকীয়ে ভাৰতৰ ৰাষ্ট্রপতিৰ দ্বাৰা অভিনন্দিত হৈ অভিভূত হোৱা বুলি প্রকাশ কৰে আৰু ইয়াৰ জৰিয়তে ভাৰত চৰকাৰে মুক্তিযোদ্ধাসকলৰ প্রতি উপযুক্ত সন্মান প্রদর্শন কৰাত সন্তোষ ব্যক্ত কৰে৷

আনহাতে, মুক্তিযোদ্ধাগৰাকীয়ে স্বাধীনতা আন্দোলনৰ সময়ৰ কথা গৌৰৱেৰে সোঁৱৰণ কৰি কয় যে স্বাধীনতা সেনানীসকলৰ ত্যাগৰ ফল এতিয়াৰ প্রজন্মই ভোগ কৰিছে৷ যোৰহাট জিলাৰ উপায়ুক্তৰ আসনত এজন সুযোগ্য অসমীয়া ব্যক্তি অধিষ্ঠিত হোৱাটো স্বাধীনতা আন্দোলনৰ ফল বুলিও মুক্তিযোদ্ধাগৰাকীয়ে প্রকাশ কৰে৷ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ লগতে টীয়ক ৰাজহ চক্র বিষয়া সৌভিক ভূঞা আৰু সংলগ্ন চক্র বিষয়া নীলোৎপলাক্ষি বৰা উপস্থিত থাকে৷

জিলা উপায়ুক্ত অশোক কুমাৰ বর্মনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ভাৰতৰ মহামান্য ৰাষ্ট্রপতিৰ হৈ সোমবাৰে মুক্তিযোদ্ধা চন্দ্রধৰ চেতিয়াক ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকীত সম্বর্ধনা জনোৱা হয় আৰু অসমৰ মুখ্যমন্ত্রীয়েও মুক্তিযোদ্ধাগৰাকীক অভিনন্দন জনাইছে৷

You might also like