ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহত দীৰ্ঘদিন ধৰি চলি অহা ড্ৰাগছৰ অবাধ প্ৰচলন আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে প্ৰতিদিনে চলাইছে অভিযান৷
মিকিৰভেটা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰু ASI মানসজ্যোতি শইকীয়াৰ সহযোগত যোৱানিশা পুনৰ অভিযান চলাই জিলাখনৰ ৰঙাদৰীয়া বালিজানৰ পৰা ৩৯.১৯ গ্ৰাম হেৰ’ইনসহ ইজাজুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিক আটক কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে মিকিৰভেটা থানাৰ অন্তৰ্গত উত্তৰাঞ্চলত দিনকদিনে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এচাম নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ জীৱনলৈ অমানিশা নামি আহিছে ৷ এইক্ষেত্ৰত মিকিৰভেটা আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপক শলাগ লৈছে সচেতন মহলে ৷