নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নামভৰ্তি মুকলি

বিশেষ বাৰ্তা তেজপুৰ ১৫ ফেব্ৰুৱাৰী – স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হব লগা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ২০২৪ (Tezpur University Entrance Examination 2024) আৰু উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (চি ইউ ই টি) ত নাম পঞ্জীয়নৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম ভৰ্ত্তি পৰ্টেল ইতিমধ্যে মুকলি কৰা বুলি তেজপুৰ বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এ+ গ্ৰেড প্ৰাপ্ত   তেজপুৰ বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ  আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, পি এইচ ডি , চাৰ্টিফিকেট ক’ৰ্চ আদি  মুঠ ৭৮টা শৈক্ষিক কাৰ্যসূচীত অধ্যয়নৰ বাবে সুবিধা ৰখা বুলি সদৰী কৰে । আগ্ৰহী  ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান, অভিযান্ত্ৰিক, মানৱীয় আৰু সমাজ বিজ্ঞানৰ  লগতে বাণিজ্য প্ৰশাসন আদি বিভিন্ন বিভাগৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব। তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি চাৰি বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট  কাৰ্যসূচী আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে একাংশ পাঠ্যক্ৰমৰ নামভৰ্তি  CUET UG & PG-2024, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (National Testing Agency)ৰ পৰীক্ষাৰ আধাৰত কৰিব যদিও  কিছু পাঠ্যক্ৰমৰ বাবে TUEEৰ আধাৰত  সমগ্ৰ দেশৰ ২৮টা নিৰ্দিষ্ট কেন্দ্ৰত কম্পিউটাৰ ভিত্তিক পৰীক্ষা (CBT) অনুষ্ঠিত কৰিব। এই কাৰ্যসূচীসমূহ হৈছে – সকলো  Blech পাঠ্যক্ৰম( 2 years lateral entry)  BDes, MDes, B.Ed, MCA,  ইংৰাজী/ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তি/সাংস্কৃতিক অধ্যয়ন/সমাজ শাস্ত্ৰ। /চচিয়েল ৱৰ্ক/মহিলা অধ্যয়ন/আইন/শিক্ষা/হিন্দী/পৰ্যটনত স্নাতকোত্তৰ আৰু ট্ৰেভেল মেনেজমেণ্ট (এমটিটিএম)/বাণিজ্য/গণসংযোগ আৰু সাংবাদিকতা/অসমীয়া/পদাৰ্থ বিজ্ঞান/ৰসায়ন বিজ্ঞান/গণিত/পৰিৱেশ বিজ্ঞান, ডাটা বিজ্ঞানত এমটেক/কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক/চিভিল ইঞ্জিনিয়াৰিং/বায়’ইলেক্ট্ৰনিকছ/ইলেক্ট্ৰনিকছ ডিজাইন এণ্ড টেকন’লজি/শক্তি প্ৰযুক্তি/খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তি/যান্ত্ৰিক অভিযান্ত্ৰিক/বৈদ্যুতিক অভিযান্ত্ৰিক আৰু সকলো পি এইচ ডি পাঠ্যক্ৰম। TUEE ৰ এই পৰীক্ষাসমূহ  ২০২৪ চনৰ ৩০ মে’ৰ পৰা ৩ জুনলৈ  অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি বিদেশী ছাত্ৰ-ছাত্ৰীকো এই শৈক্ষিক বৰ্ষৰ পৰা  চুপাৰ নিয়ামেৰাৰি (Supernumerary) ভিত্তিত নামভৰ্তি কৰা হ’ব বুলি জনিব দিয়ে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আধাৰিত  ইন্ট্ৰিগ্ৰেটেড  পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰী য়ে NTA ৰ দ্বাৰা পৰিচালিত CUET-UG 2024 ত যোগ্যতা অৰ্জন কৰিব লাগিব। ইচ্ছুক ছাত্ৰ ছাত্ৰীযে পাঠ্যক্ৰম সমূহৰ সবিশেষ,  যোগ্যতাৰ মাপকাঠী, আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে বিতং তথ্য https://www.tezuadmissions.in/public/ ৱেবচাইটত উপলব্ধ বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে।
প্ৰেৰক হিমাংশু শইকীয়া
You might also like