নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ দুখন বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোডৰ দুখন বিদ্যালয় পৰিদৰ্শন কৰে । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিষ্ণু ৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ শ্ৰেণীকক্ষত সোমাই ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সৈতেও বিদ্যালয়খনৰ পৰিচালনা সন্দৰ্ভত কথা পাতে । জাগীৰোড সমষ্টিৰে বিধায়ক মন্ত্ৰী হাজৰীকাই বিদ্যালয়খনৰ উন্নয়ন সাধনৰ ক্ষেত্ৰতো সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰিব বুলি উপস্থিত অভিভাৱক আৰু স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।

ইয়াৰপাছতে মন্ত্ৰী হাজৰীকাই এন এফ ৰেলৱে মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনত চলি থকা গুণোৎসৱ কাৰ্যসূচীত অংশ লয় । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি আৰু তেওঁলোকৰ আগ্ৰহ দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰা বুলি পাছত মন্তব্য কৰে । বিদ্যালয়খনতে মন্ত্ৰী হাজৰীকাই ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে এটি বৃক্ষৰোপন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।

You might also like