নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই.টি.এ. মাছখোৱাত ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী:  আজি মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এ প্ৰকল্পত অনুষ্ঠিত কৰা হয় আন্ত: ৰাজ্য ছাত্ৰ জীৱন দৰ্শন(SEIL)ৰ ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠান । উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনীক সম্পাদক আশীষ চৌহান আৰু অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত ১৯৬৬ চনত আন্ত: ৰাজ্য ছাত্ৰ জীৱন দৰ্শন নামৰ এটি প্রকল্প আৰম্ভ কৰা হৈছিল। যি প্ৰকল্পৰ উদ্যোগত প্ৰায় প্ৰতিবছৰে উত্তৰ পূৰ্বঞ্চলৰ এক নির্দিষ্ট সংখ্যক প্রতিনিধি সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণৰ উদ্দেশ্যেৰে প্ৰেৰণ কৰা হয় । এই ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ ফলত প্ৰতিগৰাকী প্ৰতিনিধিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সাজপাৰ, খাদ্যাভ্যাষ, দৈনন্দিন জীৱন প্ৰণালী আদি সকলোবোৰ অন্য ৰাজ্যবোৰত উপস্থাপন কৰাৰ লগতে সেই নিৰ্দিষ্ট ৰাজ্যসমূহৰো দৈনন্দিন জীৱিকা পদ্ধতি উপলব্ধি কৰাৰ সোযোগ পাইছে। ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাই উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহৰ মাজত এক একতাৰ এনাজৰী, আত্মীয়তাৰ বীজ ৰূপন কৰিবলৈ সক্ষম হৈছে।

এই বেলিও সেই একেটি উদ্দেশ্যেৰেই যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক প্রতিনিধিত্ব কৰি ৪৮২জন প্রতিনিধি মুঠ ১৬টা গোটত বিভক্ত হৈ ভাৰতবৰ্ষৰ ৬৪টা ঠাই ভ্ৰমণৰ উদ্দেশ্যেৰে ৰাওনা হৈছিল। এই যাত্ৰাৰ সময়ছোৱাত বিভিন্ন ৰাজ্যৰ ইতিহাস প্রসিদ্ধ সমল, আগশাৰীৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয় আৰু বিভিন্ন পৰ্য্যতনস্থলী প্রতিনিধিসকলে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিল । ৰাজ্যসমূহৰ নেতৃস্থানীয় ব্যক্তি, ৰাজনৈতিক আৰু ব্যৱসায়ীক ভাৱে সফল লোক, উপাচার্য্য, অধ্যক্ষ, বিভিন্ন বিষয়ৰ অধ্যাপক-অধ্যাপিকা আদি গণ্য-মান্য ব্যক্তিসকলৰ মাৰ্গ দৰ্শনো লাভ কৰাৰ সৌভাগ্য প্রতিনিধিসকলে লাভ কৰিছিল।

You might also like