নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চম শব্দ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱ ‘দকচিৰি’ৰ সামৰণি

  • প্ৰেম গগৈক শব্দ সাহিত্য সন্মান, মদাৰজ্যোতিক শব্দ যুৱ সাহিত্য সন্মান বঁ‌টা প্ৰদান
  • ‘যি জাতিৰ চহকী সাহিত্য নাই সেই জাতিৰ পৰিচয়ো নাই’- অচ্যুতদ্বীপ শইকীয়া

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: মৰিয়নি নকছাৰীৰ গন্ধীয়া মিল গাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা পঞ্চম শব্দ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱ ‘ দকচিৰি’ৰ  কালি ৰাতি সামৰণি পৰে । কালি সন্ধিয়া শব্দ বঁ‌টা সমূহ প্ৰদান কৰা হয় । টিয়ক নৈৰ পাৰত সন্ধিয়া বিশিষ্ট শিক্ষাবিদ, কবি, সমালোচক, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° মানিক শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট যুৱ কবি উজ্জল পাওগামে । সভাখন উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ, লেখক, চিন্তাবিদ, তিতাবৰৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াই কয়- যি জাতিৰ চহকী সাহিত্য নাই সেই জাতিৰ পৰিচয়ো নাই । তেনে জাতিয়ে জাতি হিচাপে পৰিচয় দিয়াৰো অধিকাৰ নাই । তেওঁ লগতে  সাহিত্যৰ পৰিবেশ আৰু সৃষ্টিৰ ধাৰা গ্ৰামাঞ্চলৰ পৰাহে উৎপত্তি হোৱা বুলি উল্লেখ কৰি গ্ৰামাঞ্চলত সাহিত্যৰ পৰিবেশ ৰচনা কৰিলেহে অসমীয়া সাহিত্যৰ জগতখনে এক বিশাল পৰিধি লাভ কৰিবলৈ সক্ষম হ’ব বুলি লগতে মন্তব্য কৰে । আনহাতে, মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক, তামিলনাডুৰ ড° এজিল বেনডান অসমৰ সাহিত্যক লৈ যথেষ্ট উৎসাহিত হৈ পৰে । ইংৰাজীৰ লগতে ভঙা ভঙা অসমীয়াত নিজৰ বক্তব্য প্ৰদান কৰি সাহিত্যিকজনে কয়- অসমৰ সাহিত্য সকলো দিশৰ পৰাই চহকী । ড° নগেন শইকীয়াৰ প্ৰসংগ সুঁ‌ৱৰি তেওঁ তামিল ভাষাৰ সৈতে অসমীয়া ভাষাৰ সাহিত্যৰ আদান প্ৰদান হোৱা উচিত বুলি মন্তব্য কৰে । বিশিষ্ট যুৱ কবি উজ্জল পাওগামৰ অসমীয়া কবিতা তামিল ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব বুলি সভাতেই উল্লেখ কৰে । টিয়ক নৈৰ বলুকাত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত শব্দ সাহিত্য উৎসৱত অংশলৈ অভিভূত হৈ পৰাৰ লগতে এনে প্ৰাকৃতিক পৰিবেশত হোৱা সাহিত্য উৎসৱ কেৱল অসম অথবা ভাৰততেই নহয়, বৰং সমগ্ৰ বিশ্বতে বিৰল বুলি মন্তব্য কৰে । তেওঁৰ এটা তামিল কবিতা অসমীয়ালৈ অনুবাদ কৰি সভা কবিতাটো পাঠ কৰি সাহিত্যপ্ৰেমী ৰাইজৰ সমাদৰ লাভ কৰে । এই সভাতেই কবি প্ৰণৱ গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ ‘দকচিৰি’ উন্মোচন কৰে সাহিত্যিক, ঔপন্যাসিক জুৰি বৰা বৰগোঁ‌হাঞিয়ে । সভাত অংশগ্ৰহণ কৰি অ’ এন জি চি অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ সৰ্বভাৰতীয় সভাপতি অৰূপজ্যোতি দলেই বক্তব্য প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট পৰিসীমাৰ আওতাৰ ভিতৰত পৰিলে শব্দ সাহিত্য উৎসৱ অনুষ্ঠিত হোৱা অঞ্চললৈ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । বিশিষ্ট কবি হৰেন গগৈয়ে এটা কবিতা পাঠ কৰি সকলোকে আল্পুত কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক বিমান পাওগামেও অংশগ্ৰহণ কৰে । এই সভাতে চাৰিজনকৈ বিশিষ্ট ব্যক্তিক শব্দ বঁ‌টা প্ৰদান কৰা হয় । সেই অনুসৰি শব্দ সাহিত্য সন্মান ২০২৩ বৰ্ষৰ বাবে প্ৰথিতযশা সাহিত্যিক, কবি প্ৰেম গগৈক প্ৰদান কৰা হয় । আনহাতে, বিশিষ্ট কবি কৃষ্ণকায় মাঝি ওৰফে হেমন্ত লেখাৰুক এই বৰ্ষৰ শব্দ বঁ‌টা প্ৰদান কৰা হয় । তাৰোপৰি বিশিষ্ট কবি, লেখক গজেন মিলিক বিকিৰাম পাওগাম সাহিত্য বঁ‌টা আৰু বিশিষ্ট যুৱ কবি মদাৰজ্যোতিক শব্দ যুৱ সাহিত্য সন্মান ২০২৩ প্ৰদান কৰা হয় । এই বঁ‌টাসমূহৰ লগত চেলেং, এৰকক ( মিছিং সকলৰ গামোচা ), সঁ‌ফুৰা, সৰুদৈয়া জাপি, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ, সুদৃশ্য স্মাৰক আদি প্ৰদান কৰা হয় । ইয়াৰ পিছতে বিশিষ্ট কবি ডাঃ প্ৰনয় ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আমন্ত্ৰিত কবিৰ আকৰ্ষণীয় কবিতা পাঠ অনুষ্ঠানত অসমৰ বহুকেইজন জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰে । আনহাতে, অন্তিম দিনা দিনৰ ভাগত গিবন কুশীলৱ নাট্যগোষ্ঠীয়ে ড° জিনতু হাজৰিকা ৰচিত আৰু পঞ্চানন দুৱৰা আৰু সত্যজিত গগৈ পৰিচালিত ‘নীলা পাহাৰৰ ডালিমী’ নামৰ নাট পৰিবেশন কৰে । মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই এই নাট উদ্বোধন কৰে । ইয়াৰ পিছত জনপ্ৰিয় কবি ৰঞ্জিত গগৈয়ে সঞ্চালনা কৰা যুৱ কবিৰ কবিতা পাঠ অনুষ্ঠানত বহুকেইজন কবিয়ে কবিতা পাঠ কৰি পৰিবেশ উমাল কৰি তোলে । ৰাতিলৈ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

দিব্যজ্যোতি শইকীয়া

You might also like