নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্রান্ত ৩৪ শিশুক চিকিৎসাৰ সুবিধা

‘নিউজ লাইভ’ৰ ‘আশা– নৱ জীৱনৰ প্রয়াস’ অনুষ্ঠানত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন জিলাত জটিল ৰোগত আক্রান্ত হৈ থকা ৩৪টা শিশুক চিকিৎসাৰ সুবিধা প্রদানৰ বাবে শুকুৰবাৰে বিশেষ পদক্ষেপ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ‘নিউজ লাইভ’ৰ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ ‘আশা– নৱ জীৱনৰ প্রয়াস’ অনুষ্ঠানৰ জৰিয়তে জটিল ৰোগত আক্রান্ত ১৪ বছৰৰ তলৰ ৩৪টা শিশুৰ অভিভাৱকৰ সৈতে শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই মুখামুখিকৈ কথা পাতে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ৰ অধ্যক্ষ অচ্যুৎ বৈশ্য, অধীক্ষক অভিজিৎ শর্মা, এনএইচএমৰ মিছন সঞ্চালক এম লক্ষ্মণনৰ উপস্থিতিত এই অনুষ্ঠানত শিশুসকলৰ জীৱনৰ হেৰুওৱা চন্দ ঘূৰাই অনাৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ লোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে জটিল ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসাৰ বাবে চাৰিটা শিবিৰ আয়োজনৰ কথাও ঘোষণা কৰে৷ ইয়াৰে এটা শিবিৰ বৰাক উপত্যকাত আয়োজন কৰা হ’ব৷ উল্লেখ্য যে ‘আশা– নৱ জীৱনৰ প্রয়াস’ অনুষ্ঠানৰ জৰিয়তে ২০২০ চনৰ পৰা প্রায় তিনি হাজাৰ শিশুক চিকিৎসা কৰা হৈছে৷ ২,৫০০ পৰিয়াললৈ আর্থিক সাহায্য প্রদানৰ লগতে ৪৮টা শিশুৰ কোকলিয়াৰ ইমপ্লাণ্ট সম্পন্ন, ৭৯টা শিশুৰ ব’ন মেৰ’ ট্রান্সপ্লাণ্ট সম্পন্ন কৰাৰ লগতে বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে ৯৭টা শিশুক৷ আনহাতে, ১১টা শিশুৰ লিভাৰ ট্রান্সপ্লাণ্টো ইয়াৰ জৰিয়তে সম্পন্ন হৈছে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, প্রায় ২৯.২৮ কোটি টকা ইতিমধ্যে এই শিশুসকলৰ জটিল ৰোগ নিৰায়মৰ বাবে ব্যয় কৰা হৈছে৷

You might also like