প্ৰেমৰ ছলনাৰে নাবালিকাক ধ*ৰ্ষ*ণ : পাষণ্ড বাদশাক সশ্ৰম কাৰাদণ্ড
আৰক্ষীয়ে গোচৰটো ৮৭/২০২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬/২৯৪/৩৪ ধাৰাৰ আৰ/ ডব্লিউ পকচ এক্ট ২০১২ৰ ৪ নম্বৰ ধাৰাত ৰুজু কৰে। আৰক্ষীয়ে গোচৰটো তদন্ত কৰি আদালতত চাৰ্জশ্বীট দিয়ে
গোৱালপাৰা জিলা আদালতে এক ৰায়দান যোগে নাবালিকা ধৰ্ষণকাৰীক ১০ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। জানিব পৰা মতে কৃষ্ণাই থানা এলেকাত যোৱা ২০২১ চনৰ ২৪ আগষ্টত লম্পট বাদশা আলীয়ে এগৰাকী ১৬ বছৰীয়া নাবালিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে।
নাবালিকাগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰাত বিভিন্ন ধৰণৰ ভাবুকি দিয়ে। ইয়াৰ পিছদিনা নাবালিকাগৰাকীয়ে তেওঁৰ ককায়েকৰ ঘৰলৈ যোৱাৰ পথত লম্পট বাদশা আলীয়ে জোৰ পুৰ্বে হাবিত লৈ যায় আৰু মুখত সোপা দি ধৰ্ষণ কৰে।
ইয়াৰ পিছত নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকক সমস্ত ঘটনা অৱগত কৰোৱাত পৰিয়ালৰ লোকে কৃষ্ণাই থানাত এখনি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰটো ৮৭/২০২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬/২৯৪/৩৪ ধাৰাৰ আৰ/ ডব্লিউ পকচ এক্ট ২০১২ৰ ৪ নম্বৰ ধাৰাত ৰুজু কৰে। আৰক্ষীয়ে গোচৰটো তদন্ত কৰি আদালতত চাৰ্জশ্বীট দিয়ে।
সেই মতে গোৱালপাৰা আদালতৰ বিশেষ ন্যায়াধীশ এন তালুকদাৰে কালি এক ৰায়দান যোগে নাবালিকা ধৰ্ষণকাৰী বাদশা আলীক দহ বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু ২০ হাজাৰ টকা জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে। ভুক্তভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে পকচ আইনৰ বিশেষ অধিবক্তা ড° সঞ্জয় শৰ্মা আৰু অভিযুক্তৰ হৈ যুক্তি প্ৰদৰ্শন কৰে আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা দেৱজিৎ অধিকাৰীয়ে।
উক্ত ৰায়দান সন্দৰ্ভত পকচ আইনৰ বিশেষ অধিবক্তা ড° সঞ্জয় শৰ্মাই কয় যে মহামান্য আদালতৰ এই ৰায়দানে মানৱ সমাজলৈ এক বিশেষ বাৰ্তা যাব যাতে ভৱিষ্যতে কোনেও এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সাহস নাপায়। তেওঁ আৰু কয় যে এতিয়া আইনৰ শাসন চলিছে আৰু আদালত কঠোৰ হৈছে । বিশেষকৈ পকচ আইনৰ ক্ষেত্ৰত কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে।
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৮ ডিচেম্বৰ