নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনত ৩০ৰ পৰা ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDF-এ

গৌৰৱ গগৈয়ে এআইইউডিএফ শূণ্য বুলি কোৱা ভাষ্যৰ প্ৰতিক্ৰিয়া ৰূপে আজমলৰ মন্তব্য, "আমি শূণ্য! অখিল গগৈ কি? লুৰিণজ্যোতি কি? আৰে, আমাৰ হাতত এতিয়াও অতি কমেও ১৫খন আসন আছে

“কংগ্ৰেছ ডুবন্ত নাও। ইয়াতে বহি থকা কোনো সাংবাদিকে কব পাৰিব নেকি কংগ্ৰেছে ২০/২২টাৰ ওপৰত আসন পাব! প্ৰশ্নই নুঠে। কোনো অংকই নাই।” এই দাবী ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ।

উল্লেখ্য যে আজি ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এআইইউডিএফৰ এক কৰ্মীসভাত অংশ লোৱাৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰে আজমলে। সংবাদমেল খনত সাংবাদিকৰ এক ২৬ৰ বিধানসভা নিৰ্বাচনত ৩০ৰ ৩৫খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সদৰি কৰে তেওঁ।

আইইউডিএফ চুপ্ৰিমো গৰাকীৰ দাবী, “আমি ২০খনৰ অধিক আসন পাব লাগে।” তেওঁ, আৰু কয় যে, “আমি ভোট বিভাজন কৰিব নাযাওঁ; য’ত আমাৰ জয়ী হোৱাৰ চাঞ্চ আছে তাতেই আমি প্ৰাৰ্থীত্ব দিম।কংগ্ৰেছে যদি কয় ইয়াত আহি আমাক বিচাওক এছ’ওএছ মেচেজ দিয়ে, আমি কৰিম।”

আনকি কংগ্ৰেছৰ মিত্ৰতা নহলেও সেয়া কৰিব বুলিও দোহাৰে তেওঁ। যদি সঁচাকৈয়ে ৰাহুল গান্ধীয়ে তেওঁলোকৰ চৰ্ত অনুসৰি সংখ্যালঘু লোকৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে তেতিয়া সঁচাকৈয়ে এআইইউডিএফ ভংগ কৰিব নেকি শুধা প্ৰশ্নৰ উত্তৰত আজমলৰ স্পষ্ট ভাষ্য, “দেখক না। এয়া মুকলি চেলেঞ্জ, ক্লিয়াৰ ডিক্লাৰেছন। কথা পাতক না আপোনালোক গৌৰৱ গগৈ চাহাবৰ সৈতে, ৰাহুল গান্ধী চাহাবৰ সৈতে। মৰ্দ কা জুবান এক হোতা হ্যায়; মৰ্দ কা জবান এক হোতা হ্যায়, দো নেই।”

ইপিনে, গৌৰৱ গগৈয়ে এআইইউডিএফ শূণ্য বুলি কোৱা ভাষ্যৰ প্ৰতিক্ৰিয়া ৰূপে আজমলৰ মন্তব্য, “আমি শূণ্য! অখিল গগৈ কি? লুৰিণজ্যোতি কি? আৰে, আমাৰ হাতত এতিয়াও অতি কমেও ১৫খন আসন আছে। এসময়ত আমি ১৮খন আসনত জয়ী হৈছিলোঁ, ৩ গৰাকী সাংসদ আছিল। গৌৰৱ গগৈক কটাক্ষ কৰি তেওঁ আৰু কয় যে, ” মই দোৱা কৰোঁ তেখেত জয়ী হৈ আহক; তেখেতে যুঁজিব পৰা মানুহ; যাৰে সৈতে যুঁজ কৰে! তেখেতৰ হান্ড্রেড পাৰ্চেন্ট ডেটিং হিমন্ত বিশ্বৰ সৈতে আছে; সকলোৱে জানে। কিন্তু সংসদত গৈ তেখেত আটাইতকৈ ডাঙৰ যুঁজাৰু।

আনহাতে, বিৰোধী মিত্ৰজোঁটৰ মুঠ ১৭টা দলৰ ১৫টাৰে অসমত কোনো কামই নাই, কেবল কাগজতহে আছে। আনহাতে কংগ্ৰেছে এআইইউডিএফক বিজেপিৰ বি-টিম আখ্যা দিয়াৰ প্ৰসংগত তেওঁৰ মন্তব্য, “তেওঁলোকে আমাক বি টিম কয়, দৰাচলতে মই কওঁ আপোনালোক কংগ্ৰেছৱালে এ -ৱান টিম বিজেপিৰ।”

সংবাদমেল খনত বদৰুদ্দিন আজমলে লোৱা দলীয় সিদ্ধান্তৰ বিষয়ে কয় যে, “এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, সকলোতে এয়াই কৈ আছো, আমাক এতিয়া চিনাক্ত কৰিব লাগে কংগ্ৰেছ আটাইতকৈ ডাঙৰ শত্ৰু, নে বিজেপি। আমি এয়া স্পষ্ট কৰি পেলাইছোঁ, সিদ্ধান্ত লৈ পেলাইছোঁ; বিজেপি আমাৰ প্ৰথম শত্ৰু। আমাৰ, এআইইউডিএফৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি।

লগতে, তেখেতৰ তাৎপর্যপূৰ্ণ মন্তব্য, “কংগ্ৰেছৰ চৰিত্ৰ আগৰ পৰাই সাপৰ দৰে। আগতেও কামূৰিছে, আজিও তেওঁলোকে সংখ্যালঘু লোকক কামূৰি আছে, কাইলৈও কাটিব। সেয়ে, তেওঁলোকক শত্ৰু আখ্যা দি লাভ নাই; আৰু যি শত্ৰু তাকেই শত্ৰু বুলি কব লাগিব আৰু সেয়া বিজেপি।”

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত সন্তুষ্ট নেকি বুলি শুধা সাংবাদিকৰ এক প্ৰশ্নত জাঙুৰ খাই উঠে বদৰুদ্দিন আজমলে। তেওঁ কয়, “কোনোবাই পাগল হৈছে নেকি সন্তুষ্ট হ’ব আনকি মূৰ্ছা যোৱা অথবা আইচিইউত যোৱা মানুহেও উঠি কব আমি তেখেতক মুখ্যমন্ত্ৰী হিচাবে নিবিচাৰোঁ।” ইয়াৰ কাৰণ কি বুলি সোধা প্ৰশ্নৰ উত্তৰৰূপে তেখেতৰ পোনপটীয়া ভাষ্য, “এনে কি কাম নাই তেখেত কৰা নাই – উচ্ছেদ, তিন তালাক লৈ, গৰুৰ মাংস লৈ – আৰে নিজৰ ঘৰৰ শোৱনি কোঠালীত কি খাব সেয়াও তেওঁ কব! মিঞা! কি মিঞা?” আজিৰ সেই সংবাদমেলখনত আজমলে এছআৰ সংখ্যালঘু লোকক টাৰ্গেট কৰি আৰম্ভ কৰা হৈছে বুলিও এক বিস্ফোৰক অভিযোগ কৰে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ডিচেম্বৰ

You might also like