নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সংখ্যালঘু লোকে প্রথমবাৰলৈ সু–শাসনৰ সোৱাদ পাইছে

🔹 লোকসভা নির্বাচনত প্রতিদ্বন্দ্বীক লৈ মুখ্যমন্ত্রী ড০ শর্মা

বিশেষ বার্তা,  ৩১ মার্চ : এইবাৰ লোকসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বাবে অসমত প্রতিদ্বন্দ্বী চিনাক্ত কৰাত অলপ অসুবিধা হৈছে৷ কাৰণ গ’লপোষ্টত গ’লকীপাৰ নাই৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি ওদালগুৰিত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ লগতে মিত্রদল অগপ আৰু ইউপিপিএলৰ জ্যেষ্ঠ দলীয় কর্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নির্বাচনত তেওঁলোকৰ ভূমিকা সম্পর্কত আলোচনা কৰে৷ ওদালগুৰিৰ সাপেখাইতীস্থিত পূর্বৰ এনডিএফবিৰ শিবিৰ তথা বর্তমানৰ বড়োলেণ্ড ডেভেলপমেণ্ট এছ’চিয়েচনৰ কার্যালয়ত আয়োজিত বৈঠকখনত দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা বিজেপি, অগপ আৰু ইউপিপিএলৰ মণ্ডল পর্যায়ৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাত মিলিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে এই বৈঠকখনত বিটিআৰপ্রধান প্রমোদ বড়ো, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নার্জাৰী, বিজেপি নেতা সীমান্ত শেখৰ আদি উপস্থিত থাকে৷ এই বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ নির্বাচনত বিজেপি মিত্রজোঁটৰ সন্মুখত প্রতিদ্বন্দ্বী চিনাক্তকৰণত অসুবিধা থকাৰ বিষয়ে উল্লেখ কৰি কয় যে আমি এতিয়া যিমান গ’ল দিব পাৰোঁ সেইটো আমাৰ কৃতিত্ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক এতিয়া সকলোৱে বিচাৰিছে৷ নৰেন্দ্র মোদীৰ প্রতি অদ্ভুত ঢৌ এটা আছে৷ ভাৰতৰ মানুহে প্রধানমন্ত্রীক বিচাৰিছে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰী, সৌৰাষ্ট্রৰ পৰা কৰিমগঞ্জলৈ সকলোতে এটাই কথা– নৰেন্দ্র মোদী৷ দৰং–ওদালগুৰিৰ আসনখনত বিজেপিৰ দিলীপ শইকীয়াই তিনি লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব৷ যোৱাবাৰ শইকীয়াই ডেৰ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত দুই লাখ ভোট নতুনকৈ অন্তর্ভুক্ত হৈছে৷ পৰম্পৰাগতভাৱে নতুনকৈ অহা ভোটখিনি বিজেপি–ইউপিপিএলৰ ভোট৷ মুখ্যমন্ত্রীৰ নিজা সমষ্টি জালুকবাৰীৰ পৰাও ৬৫ হাজাৰ ভোট দৰং–ওদালগুৰি লোকসভাত অন্তর্ভুক্ত হৈছে৷ এই ৬৫ হাজাৰ ভোটৰ ভিতৰত ৫৫ হাজাৰ ভোট বিজেপিয়ে লাভ কৰিব৷ ৫ হাজাৰ ভোট কংগ্রেছে লাভ কৰিব৷ উত্তৰ–পূবৰ ২৫খন লোকসভা আসনৰ ভিতৰত এনডিএই ২২খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ সেইদৰে সংখ্যালঘু লোকে প্রথমবাৰ এটা সু–শাসনৰ সোৱাদ পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিৰ শাসনকালত সাম্প্রদায়িক উত্তেজনা নাই৷ হিন্দু–মুছলমানৰ সংঘাত নাই৷ বড়ো–অবড়োৰ সংঘাত নাই৷ জনজাতি–অজনজাতিৰ সংঘাত নাই৷ কাম কৰা মানুহে, খাটিখোৱা মানুহে পৰিশ্রম কৰিছে, উপার্জন কৰিছে, ঘৰ চলাইছে৷ আজি ৰমজানৰ পৰিৱেশ৷ ক’তো আলপিন এটাৰো খেলিমেলি নাই৷ ধর্মীয় উপাসনাও কৰিছে আৰু সকলো শান্তিত আছে৷ অৰুণোদয় হিন্দুৱেও পাইছে মুছলমানেও পাইছে৷ সকলোৱে ৰেচন কার্ড পাইছে৷ সকলো স্থানতেই বাট–পথ হৈছে৷ গতিকে মই নাভাবোঁ যে মুছলমান সমাজে ইয়াতকৈ কিবা বিচাৰে৷ এইবাৰ যদি তেওঁলোকে আমাক ভোট নিদিয়ে, আমি নিজেই অনুভৱ কৰিব লাগিব আমাৰ ক’তনো ভুল আছে? ক’তো আমি বেয়া কাম কৰাই নাই৷ সকলোকে সমান চকুৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস কৰা হৈছে৷ বিভিন্ন সভা–সমিতিতো দেখিছোঁ– হিন্দু, মুছলমান, খ্রীষ্টান, অসমীয়াভাষী, বঙালীভাষী, বড়োভাষী, নেপালীভাষী, হিন্দীভাষী, জনজাতি–অজনজাতি সকলো আহিছে৷ আনহাতে এক এপ্রিলৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই ৩০টা নির্বাচনী ৰেলীত অংশগ্রহণ কৰিব বুলি জানিবলৈ দি কয় যে এক এপ্রিলৰ দিনা তেওঁ মাজুলীত ১৩ কিলোমিটাৰ চাইকেল চলাব৷ অহা ৪ এপ্রিলত তেওঁ পুনৰ ওদালগুৰিলৈ আহি দৰং–ওদালগুৰিৰ প্রার্থী দিলীপ শইকীয়াৰ মনোনয়ন দাখিল অনুষ্ঠানতো অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপি এনে দল, যিয়ে প্রত্যেকবাৰেই নির্বাচনত ভোট বৃদ্ধি হোৱাটো বিচাৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই অহা ৬ এপ্রিলত লখিমপুৰ আৰু হোজাইত অনুষ্ঠিতব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আন দুখন নির্বাচনী সমাৱেশতো উপস্থিত থাকিব৷

You might also like