কংগ্ৰেছত খহনীয়া, বিজেপিত যোগদান তিনি শতাধিক সংখ্যালঘু লোকৰ
বিজেপি চৰকাৰে উন্নয়নক মুখ্য লক্ষ্য হিচাপে লৈ কাম কৰি অহাৰ বাবেই সংখ্যালঘু ৰাইজে বিজেপিৰ ফালে ঢাপলি মেলিছে
চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী অঞ্চলত কংগ্ৰেছ দলত ব্যাপক খহনীয়া দেখা গৈছে। বৃহৎ সংখ্যক সংখ্যালঘু ৰাইজে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ ফলত স্থানীয় ৰাজনীতিত তীব্ৰ চৰ্চা সৃষ্টি হৈছে।
জানিব পৰা মতে, তিনি শতাধিক সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ইয়াৰ ভিতৰত কেইবাগৰাকী কংগ্ৰেছৰ বুথ সভাপতি লগতে বহু সক্ৰিয় কৰ্মীও আছে, যিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সংগঠনৰ সৈতে জড়িত আছিল।
এই যোগদান কাৰ্যসূচী গড়াজান মণ্ডলৰ সভাপতি বিপ্লৱ কুমাৰ তৰপদাৰৰ নেতৃত্বত অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তৰপদাৰে কয় যে কংগ্ৰেছ দলে ভয়-ভাবুকি আৰু প্ৰতাৰণাৰ জৰিয়তে কেৱল ভোট সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত গাদী দখল কৰি জনতাৰ আশা-আকাংক্ষাক অৱহেলা কৰিছিল।
তেওঁ লগতে দাবী কৰে যে বিজেপি চৰকাৰে উন্নয়নক মুখ্য লক্ষ্য হিচাপে লৈ কাম কৰি অহাৰ বাবেই সংখ্যালঘু ৰাইজে বিজেপিৰ ফালে ঢাপলি মেলিছে। আগন্তুক নিৰ্বাচনত অসমত পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে।
এই বৃহৎ যোগদানক লৈ ৰৌমাৰী অঞ্চলত বিজেপি শিবিৰত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে, আনহাতে কংগ্ৰেছ শিবিৰত হতাশাৰ পৰিবেশ দেখা গৈছে।
ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ