ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ : নামৰূপ এম’নিয়া–ইউৰিয়া প্রকল্পৰ বাবে ভূমি হস্তান্তৰ, চিমু দাসৰ কৃতিত্বক স্বীকৃতি, খিলঞ্জীয়া পৰিয়াললৈ ভূমি আবণ্টনকে ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷
লোকসেৱা ভৱনত কালি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট সিদ্ধান্তৰ তথ্য সদৰী কৰি জানিবলৈ দিয়ে যে কেবিনেটে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিবলগীয়া নামৰূপ এম’নিয়া–ইউৰিয়া ব্রাউণ্ড ফিল্ড প্রকল্প ৰূপায়ণৰ বাবে ব্রহ্মপুত্র উপত্যকা সাৰ নিগম লিমিটেডক চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ বাবে অনুমোদন জনায়৷ কেবিনেটে অসম সংহত ক্রীড়া নীতিৰ অধীনত মহিলা টি-২০ দৃষ্টিহীন ক্রিকেট বিশ্বকাপ-২০২৫ত বিজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্রশিক্ষক (ফিজিকেল ইনষ্ট্রাক্টৰ) হিচাপে নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়৷
কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত ৩০৮টা খিলঞ্জীয়া পৰিয়ালক বসবাসৰ উদ্দেশ্যে চৰকাৰী খাচ ভূমি আৰু চিলিং উদ্বৃত্ত ভূমিৰ আবণ্টনৰ বাবে অনুমোদন জনায়৷ আনহাতে, কেবিনেটে গোৱালপাৰা জিলাৰ কুমাৰীবিল এলেকা (২৭০ হেক্টৰ) আৰু ধামাৰবিল এলেকা (৩৩৭ হেক্টৰ)ক প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল (পিআৰএফ) হিচাপে ঘোষণাত অনুমোদন জনায়৷ কেবিনেটে অসমৰ নিৰাপত্তা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ক এটা গ্রুপ চেণ্টাৰ স্থাপনৰ বাবে ধেমাজিৰ ৬০৭ বিঘা ভূমি হস্তান্তৰত অনুমোদন জনায়৷ ৰাজ্যিক স্ব–অধিকাৰ উন্নয়ন পুঁজি গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বর্ষত ২৫০ কোটি টকা বিটিচিলৈ মুকলি কৰি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়৷