নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ শৌচাগাৰৰ টেংকিত, উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, তিতাবৰ, ১০ নৱেম্বৰ : তিতাবৰৰ সন্ধানহীন যুৱতী বিপ্লৱী দাসৰ মৃতদেহ শৌচাগাৰৰ টেংকিত উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰি দিনে সন্ধানহীন হৈ থকা বিপ্লৱী দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ জগত সিং নামৰ এজন লোকৰ দোকানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হয়। জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকিত লুকুৱাই ৰাখিছিল মৃতদেহ। বিপ্লৱী দাস সাতমহীয়া অন্তঃসত্ত্বা আছিল বুলি জানিব পৰা গৈছে। জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

উল্লেখ্য যে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী আছিল বিপ্লৱী দাস। বিপ্লৱীৰ ঘৰ তিতাবৰ শিলিখাবাৰীত। ৭ নৱেম্বৰত কলেজলৈ আহি থকা পথতে সন্ধানহীন হৈছিল বিপ্লৱী দাস। তিতাবৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল পৰিয়ালে। কিন্তু তিনি দিনে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ৰাইজ ক্ষুব্ধ হৈ কালি তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে যুৱতীগৰাকীৰ সন্ধানত অধিক তৎপৰ হৈ পৰিছিল আৰক্ষী।‌

আজি বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰৰ পিছতে তিতাবৰৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়, মহাবিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী আৰু তিতাবৰৰ বহুসংখ্যক লোকে ৰাজপথ অৱৰোধ কৰি বিপ্লৱী দাসৰ ন্যায়ৰ দাবী তোলে। ক্ষুব্ধ ৰাইজে তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰিও পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীৰ সৈতে হতাহতিও হয় আৰক্ষীৰ। হত্যাকাৰী জগত সিঙক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে। বৰ্তমান স্তব্ধ হৈ পৰিছে তিতাবৰৰ ৰাজপথ। ইফালে, পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লজ কৰা হয়।

You might also like