নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায় ঢকাৰ অপচেষ্টাত নামিল আক্রমণকাৰী মিজোৰাম আৰক্ষীঃ অসমৰ মুখ্যমন্ত্রী–শীর্ষ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: আন্তঃৰাজ্যিক সীমান্ত সংলগ্ণ কাছাৰ জিলাৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত বর্বৰোচিত আক্রমণ চলাই নিন্দিত হোৱা মিজোৰাম আৰক্ষীয়ে এতিয়া নিজৰ দায় ঢকাৰ অপচেষ্টাত লিপ্ত হৈছে৷ এই অপচেষ্টাৰ অংশস্বৰূপে মিজোৰামৰ মুখ্যমন্ত্রীৰ নির্দেশমর্মে ৰাজ্যখনৰ আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্রী আৰু ৬গৰাকীকৈ বিষয়াৰ বিৰুদ্ধে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্রৰ অভিযোগ কৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷ মিজোৰামৰ ভাইৰেংটে থানাত সেই এজাহাৰ দাখিল কৰা হৈছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে অসম আৰক্ষীৰ আই জি পি অনুৰাগ আগৰৱালা, দক্ষিণ মণ্ডলৰ ডি আই জি দেৱজ্যোতি মুখার্জী, কাছাৰৰ উপায়ুক্ত কীর্থি জল্লী, আৰক্ষী অধীক্ষক চন্দ্রকান্ত নিম্বলকাৰ, ঢলাই আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া চাহাবুদ্দিন, ডি এফ অ’ ছানি দেউ চৌধুৰীৰ বিৰুদ্ধে সেই এজাহাৰ দাখিল কৰা হৈছে৷

মিজোৰামৰ এই গোচৰ সম্পর্কত তীব্র প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে মিজোৰামে মোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷ আমিও মিজোৰামৰ মুখ্যমন্ত্রীৰ ওপৰত দুটা গোচৰ ৰুজু কৰিব পাৰোঁ৷ কিন্তু আমি অসমৰ এক ইঞ্চি মাটিও এৰি নিদিওঁ৷ যি স্থানত ঘটনা সংঘটিত হৈছে, সেয়া অসমৰ মাটি৷ আমাৰ সীমাৰ মাটি৷ অসমৰ মাটি কোনোবাই ডাবি–ধমকি দি লৈ যাব, সেয়া মানি ল’ব নোৱাৰোঁ৷ আজি মিজোৰামত যিদৰে শাসক–বিৰোধী সকলো লগ লাগি আমাৰ লগত সংঘাতত লিপ্ত হোৱাসকলৰ পক্ষত থিয় দি নিজৰ দৃঢ়তা প্রকাশ কৰিছে, অসমেও যদি একত্রিত হৈ থাকিব পাৰে, তেতিয়া অসমে বহু সমস্যাৰ সমাধান কৰিব পাৰিব৷ মিজোৰামে যি গোচৰ ৰুজু কৰিছে, সেয়া হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে কৰা নাই, অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে কৰিছে৷ আজি মুখ্যমন্ত্রীৰ আসনত মই আছোঁ বাবে দায়িত্ব মোৰ৷ কাইলৈ আন কোনোবা মুখ্যমন্ত্রী হ’লে সেই দায়িত্ব তেওঁৰ ওপৰত পৰিব৷ মিজোৰামৰ গোচৰ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দুয়োখন চৰকাৰে গোচৰ কোনো নিৰপেক্ষ তদন্তকাৰী সংস্থাক দিয়া উচিত বুলি তেওঁ ভাবে৷ এইক্ষেত্রত নিয়াক গোচৰ দিয়াৰ পোষকতা কৰি তেওঁ কয় যে তদন্তত সকলো ওলাই পৰিব৷ অসমৰ নাগৰিকক মিজোৰামলৈ নাযাবলৈ নির্দেশ দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিজোৰামত সাধাৰণ নাগৰিকে হাতত বন্দুক লৈ থকা অৱস্থাত কেনেকৈ অসমৰ ৰাইজক সেই ৰাজ্যখনলৈ যাবলৈ দিব? য’ত আৰক্ষীৰে নিৰাপত্তা নাই, তাত ৰাইজক কেনেকৈ নিৰাপত্তা দিব? তেনে পৰিস্থিতিৰ বাবেই যাতায়াতৰ ক্ষেত্রত সেই বাধ্য–বাধকতা আৰোপ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাইলৈ গুৱাহাটীত যদি মানুহে ঘৰে ঘৰে হাতত বন্দুক লৈ থাকে, স্বাভাৱিকতে নিৰাপত্তাজনিত কাৰণতেই চুবুৰীয়া ৰাজ্য মেঘালয়ে অসমলৈ তেওঁলোকৰ নাগৰিক অহাত বাধা আৰোপ কৰিব৷

You might also like