নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি অসমৰ মুখ্যমন্ত্রীৰ লগত আছোঁঃ অখিল গগৈ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পক্ষত মুকলিকৈ অৱস্থান গ্রহণ কৰিছে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল গগৈয়ে৷ মূলতঃ মিজো দুষ্কৃতিকাৰীৰ সহযোগত ৰাজ্যখনৰ আৰক্ষীয়ে অসম সংলগ্ণ সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত বর্বৰ আক্রমণ চলাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধেই হত্যা আৰু ষড়যন্ত্রৰ গোচৰ জাপি দিয়া কার্যত ক্ষুণ্ণ হৈ পৰিছে বদৰুদ্দিন আজমল আৰু অখিল গগৈ৷ দুয়োগৰাকী বিৰোধী নেতাই প্রকাশ্যে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাৰ পক্ষত অৱস্থান লৈ মিজোৰামক উভতি ধৰিছে৷ এই সম্পর্কত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ মুখ্যমন্ত্রীয়ে সীমান্তলৈ গৈ গুলীয়াইছিল নেকি?

লাইলাপুৰত সংঘটিত ঘটনাৰ বাবে মিজোৰামৰ মুখ্যমন্ত্রীৰ ওপৰতহে গোচৰ ৰুজু কৰিব লাগে৷ কেন্দ্রীয় চৰকাৰে মিজোৰামৰ তেনে কার্যৰ বাবে শাস্তিৰ ব্যৱস্থা কৰিব লাগে৷ মিজোৰামৰ বিৰুদ্ধেহে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে৷ সেইদৰে অখিল গগৈয়ে এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ঘটনাটো অতি দুর্ভাগ্যজনক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে মিজোৰামে যি গোচৰ ৰুজু কৰিছে, সেয়া উঠাই ল’ব লাগে৷ মিজোৰাম আৰক্ষীৰ গোচৰ মানি ল’ব নোৱাৰি৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত লাইলাপুৰলৈ অহা বিধানসভাৰ সর্বদলীয় প্রতিনিধি দল এটাৰ সৈতে অহা বিধায়ক গগৈয়ে আৰু কয় যে মুখ্যমন্ত্রী ড০ শর্মাক সমালোচনা কৰোঁ যদিও অসম–মিজোৰাম সীমা বিবাদৰ ক্ষেত্রত আমি সকলো ঐক্যবদ্ধ৷ আমাৰ স্পষ্ট দাবী– মিজোৰামে আমাৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰিছে, সেয়া উঠাই ল’ব লাগে৷ আমি আমাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ লগত আছোঁ৷

ইপিনে, বৰাক উপত্যকাৰ বিজেপি–কংগ্রেছ–এআইই সকলো বিধায়কে অসম–মিজোৰামৰ সীমা বিবাদ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাৰ পক্ষত অৱস্থান গ্রহণ কৰিছে৷ অসমৰ মাটি সুৰক্ষিত কৰা আৰু বর্তমানৰ পৰিস্থিতি সম্পর্কত ৰাজ্য চৰকাৰে গ্রহণ কৰা স্থিতিলৈ বৰাক উপত্যকাৰ শাসক–বিৰোধী সকলোৱে সমর্থন আগবঢ়াইছে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয়– অসমৰ মাটি আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে আমি সকলো চৰকাৰৰ লগত আছোঁ৷ সেইদৰে কৰিমগঞ্জ দক্ষিণ সমষ্টিৰ কংগ্রেছ বিধায়ক ছিদ্দিক আহমেদে কয়– অসমৰ স্বার্থত আমি সকলো এক৷ অসমৰ মাটি আমিয়ে ৰক্ষা কৰিব লাগিব আৰু অসমৰ জনসাধাৰণক নিৰাপত্তা দিব লাগিব৷ একেদৰে সোণাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয়– সংকটৰ কালত কোনো ৰাজনীতি নহয়৷ এই মুহূর্তত আমি শাসক–বিৰোধী সকলো অসম আৰু অসমীয়াৰ স্বার্থত ঐক্যবদ্ধ৷ অসমৰ সীমা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত অসম চৰকাৰে আৰু মুখ্যমন্ত্রীয়ে যি সিদ্ধান্ত লৈছে, আমি তাৰ পক্ষত আছোঁ৷ অসমৰ গতিশীল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ লগত আছোঁ৷

You might also like