ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ : বিকাশৰ বতৰা লৈ আজি অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দুদিনীয়া কার্যসূচীৰে আহিব লগা দেশৰ প্রধানমন্ত্রীগৰাকীয়ে অসমত প্রায় ১৫,৬০০ কোটি টকাৰ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব৷ প্রধানমন্ত্রীৰ আগমনক লৈ সমগ্র গুৱাহাটী মহানগৰীত এতিয়া চলিছে যুদ্ধকালীন তৎপৰতা৷
দুদিনীয়া কার্যসূচীৰে আজি বিয়লি ৩ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিমান বন্দৰটোৰ নতুন টার্মিনেলটো৷ ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্রতিমূর্তি এটা উন্মোচন কৰিব৷
উল্লেখ্য যে প্রধানমন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেলটো হ’ব ভাৰতৰ প্রথমটো প্রাকৃতিক বিষয়ক বিমানবন্দৰ টার্মিনেল৷ প্রায় ১.৪ লাখ বর্গমিটাৰ বিস্তৃত এই নতুন টার্মিনেল ভৱনটো বছৰি ১.৩ কোটি যাত্রীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে৷ ইয়াৰ ৰানৱে’, এয়াৰফিল্ড ছিষ্টেম, এপ্র’ণ আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণ কৰা হৈছে৷ প্রাকৃতিক বিষয়ত দেশৰ প্রথমটো বিমান টার্মিনেল হিচাপে সাজি উলিওৱা এই টার্মিনেল ভৱনত সংযোজন হৈছে বেম্ব’ অর্কিডক লৈ অসমৰ জৈৱ–বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ ৷ টার্মিনেলটোত উত্তৰ–পূবৰ স্থানীয়ভাৱে উপলব্ধ ১৪০ মেট্রিকটন বাঁহ ব্যৱহাৰ কৰা হৈছে৷ সমান্তৰালভাৱে সংযোজন কৰা হৈছে কাজিৰঙাৰ সেউজীয়া প্রাকৃতিক দৃশ্য, জাপি, গঁড়ৰ প্রতীক আৰু কপৌ ফুলকে ধৰি ৫৭বিধ অর্কিড স্তম্ভ৷ নতুন টার্মিনেলটোত যাত্রীসকলৰ সা–সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্রত নতুন মান নির্ধাৰণ কৰা হৈছে৷ বিশেষকৈ ছিকিউৰিটী স্ক্রিনিঙৰ বাবে ফুল ব’ডী স্কেনাৰ, স্বয়ংক্রিয় বেগেজ পৰিচালনা, ফাষ্টট্রেক ইমিগ্রেচন আৰু আন সুবিধাসমূহ৷
প্রধানমন্ত্রীয়ে এই নতুন টার্মিনেল উদ্বোধনৰ পাছতেই এক বিশাল ৰাজহুৱা সভাতো অংশগ্রহণ কৰিব৷ ইয়াৰ পিছতেই প্রধানমন্ত্রীগৰাকীয়ে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত উপস্থিত হৈ দলীয় কার্যকর্তাৰ সৈতে বার্তালাপত মিলিত হ’ব৷ ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীক দলীয় কার্যালয়ৰ এক কিলোমিটাৰ আঁতৰৰ পৰা যুৱ মর্চাৰ কার্যকর্তাসকলে ৰোডশ্ব’ৰে আদৰি আনিব৷
আনহাতে, ২১ ডিচেম্বৰৰ পুৱা ৯.৪৫ বজাত প্রধানমন্ত্রীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্রলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ ইয়াৰ পিছতেই প্রধানমন্ত্রীগৰাকীয়ে ব্রহ্মপুত্রৰ বুকুত ক্রুজৰ ওপৰত ৰাজ্যৰ ২৫গৰাকী মেধাৱী শিক্ষার্থীক লৈ অনুষ্ঠিত কৰিব পৰীক্ষা পে চর্চা কার্যসূচী৷ প্রধানমন্ত্রীগৰাকীয়ে এই কার্যসূচীৰ বাবেই গুৱাহাটী প্রৱেশদ্বাৰেৰে সাজু কৰি ৰখা চিলাৰায় নামৰ ক্রুজখনত কৰিব পৰীক্ষা পে চর্চা অনুষ্ঠান৷ প্রধানমন্ত্রীগৰাকীয়ে অনুষ্ঠিত কৰা পৰীক্ষা পে চর্চা এই কার্যসূচীয়ে নদী পর্যটনত এক নতুন মাত্রা প্রদান কৰিব বুলি আশা কৰা হৈছে৷
ইয়াৰ পিছতেই প্রধানমন্ত্রীগৰাকী ডিব্রুগড় অভিমুখে উৰা মাৰিব৷ ডিব্রুগড়ৰ বিমানবন্দৰৰ পৰাই নামৰূপ অভিমুখে যাত্রা কৰি প্রধানমন্ত্রীগৰাকীয়ে ২১ ডিচেম্বৰৰ বিয়লিৰ ভাগত অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া–ইউৰিয়া প্রকল্পৰ ভূমি পূজন কৰিব৷ এই ভূমি পূজনৰ পিছতেই নামৰূপত আন এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে৷ উল্লেখ্য যে নামৰূপত স্থাপন হ’ব লগা নতুন সাৰ প্রকল্পটোৱে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ সাৰৰ প্রয়োজনীয়তা পূৰণ কৰাৰ লগতে সাৰৰ আমদানিৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰিব৷ সমান্তৰালভাৱে নিয়োগ সৃষ্টি আৰু আঞ্চলিক অর্থনীতি উন্নয়নৰ ক্ষেত্রত অনুঘটক হিচাপে থিয় দিব প্রকল্পটো৷ প্রকল্পটো ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষি কল্যাণৰ মূল স্তম্ভ হিচাপে চিহ্ণিত হ’ব৷ নামৰূপৰ পৰাই দিল্লী অভিমুখে যাত্রা কৰিব প্রধানমন্ত্রী মোদীয়ে৷