নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অনচুনী চিখেঁ’ৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান ড০ পার্থসাৰথি মহন্তলৈ

ড০ মহন্তৰ ‘অনচুনী চিখেঁ’ ছবিখনে ধাৰাবাহিকভাৱে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত কেইবাটাও বঁটা, সন্মান লাভ কৰি অসমৰ সাংস্কৃতিক জগতখনলৈ গৌৰৱ কঢ়িয়াইছে৷ ইয়াৰ পূর্বে মুম্বাইত অনুষ্ঠিত য়থাকথা আন্তর্জাতিক চলচ্চিত্র আৰু সাহিত্য মহোৎসৱ, ২০২৫ত সন্মানিত হৈছে ‘অনচুনী চিখেঁ’ চুটি ছবিখন

বছৰটোৰ শেষত অসমৰ কলা–সংস্কৃতিৰ জগতলৈ পুনৰ সুনাম কঢ়িয়াইছে ‘অনচুনী চিখেঁ’ চুটি ছবিখনে৷ এইবাৰ মুম্বাইত অনুষ্ঠিত ‘লেকচিটী আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ত খ্যাতি অর্জন কৰিছে৷

১২ আৰু ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত এই চলচ্চিত্র মহোৎসৱত ‘অনচুনী চিখেঁ’ই জুৰীৰ শ্রেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰিছে৷ লগতে ভাৰতীয় চুটি ছবি শাখাত এই ছবিখনৰ বাবে ড০ পার্থসাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে৷

উল্লেখযোগ্য যে ড০ মহন্তৰ ‘অনচুনী চিখেঁ’ ছবিখনে ধাৰাবাহিকভাৱে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত কেইবাটাও বঁটা, সন্মান লাভ কৰি অসমৰ সাংস্কৃতিক জগতখনলৈ গৌৰৱ কঢ়িয়াইছে৷ ইয়াৰ পূর্বে মুম্বাইত অনুষ্ঠিত য়থাকথা আন্তর্জাতিক চলচ্চিত্র আৰু সাহিত্য মহোৎসৱ, ২০২৫ত সন্মানিত হৈছে ‘অনচুনী চিখেঁ’ চুটি ছবিখন৷

৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত ‘য়থাকথা’ মহোৎসৱত ‘অনচুনী চিখেঁ’ চুটি ছবিখনে ভাৰতীয় চিনেমা শাখাত শ্রেষ্ঠ চুটি ছবি পৰিচালকৰ সন্মান বুটলিছে৷ ১৪ অক্টোবৰত গোৱালিয়ৰত অনুষ্ঠিত ষষ্ঠদশ চম্বল আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ২০২৫ত ‘অনচুনী চিখেঁ’ৰ বাবে ড০ মহন্তই জুৰীৰ শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে৷

যোৱা ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত উত্তৰ–পূব ভাৰত আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত উত্তৰ–পূবৰ বিশেষ শিতানত ‘অনচুনী চিখেঁ’ চুটি ছবিখনে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ চুটি ছবিৰ বঁটাৰ লগতে বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছিল৷

চেন্নাইত অনুষ্ঠিত কল্লীউড আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট চলচ্চিত্র মহোৎসৱতো শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে৷ ১৯সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱতো ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান৷

এছিয়ান টেলেণ্ট আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ আৰু কাঁ চলচ্চিত্র মহোৎসৱত ‘মার্চে ডু ফিল্ম’ (অনলাইন শাখা)তো প্রদর্শিত এই ছবিখনে বিশ্বজুৰি দর্শক–সমালোচকৰ প্রশংসা লাভ কৰিছে৷ খ্যাতনামা অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা এই ছবিখনৰ কাহিনী ড০ পার্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত৷ এগৰাকী যুৱতীয়ে তেওঁৰ জন্মৰ পৰা প্রাপ্তবয়স্কলৈ সন্মুখীন হোৱা গভীৰ প্রত্যাহ্বান আৰু তেওঁৰ দুর্বিসহ জীৱন যাত্রাক শক্তিশালী ৰূপত চিত্রায়িত কৰা এই ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই৷

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like