ডিজিটেল ডেস্ক, ১২ মাৰ্চ : জখলাবন্ধাৰ চিকনিত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। জখলাবন্ধা থানা এলেকাধীন চিকনি চাহ বাগিচাত গৰু চোৰৰ সন্দেহত এজনক একাংশই প্ৰহাৰ কৰে। চিকনিৰে আবু হুছেইন নামৰ এজনক গৰু বিক্ৰী কৰিব বুলি খবৰ দিয়াৰ বাবে গৈছিল চিকনি বাগিচা এলেকালৈ । তাৰ পাছতেই একাংশই যুৱকজনক বান্ধি লৈ প্ৰহাৰ কৰে ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈহে কোনোমতে প্ৰাণৰক্ষা কৰে আবু হুছেইনৰ । কলিয়াবৰৰ গ্ৰামাঞ্চল তথা ভিতৰুৱা অঞ্চলত এতিয়া গৰু চোৰৰ আতংক অব্যাহত আছে । বিভিন্ন সময়ত গৰু চুৰি কৰি গোহালি উদং কৰাৰ পাছত ৰাইজ ক্ষোভিত হৈ আছে । শাকমুঠি চাহ বাগিচাৰ পৰা গৰু চুৰি কৰি অনা বুলি খবৰ পোৱাৰ পাছতে আবু হুছেইনক চিকনি বাগিচাত আটক কৰি ৰাইজে প্ৰহাৰ কৰে । গুৰুতৰভাৱে আহত আবু হুছেইনক জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ বাহনৰো ক্ষতিসাধন কৰিছে উত্তেজিত ৰাইজে ।