নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত স্বামী–শাহুৱেকক দাৰে টুকুৰা টুকুৰ কৰি ৰাখিলে ফ্রীজত

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী:  দিল্লীৰ চাঞ্চল্যকৰ শ্রদ্ধা হত্যাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷ মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এই ঘটনা৷ পত্নীয়ে নৃশংসভাৱে হত্যা কৰে স্বামী আৰু শাহুৱেকক৷ স্বামী আৰু শাহুৱেকক হত্যা কৰি দাৰে টুকুৰা টুকুৰ কৰি তিনি দিন ধৰি সংগোপনে ফ্রীজত মৃতদেহ ৰাখিছিল দুৰাকাংক্ষী মহিলাগৰাকীয়ে৷ পিছত টুকুৰা টুকুৰ কৰা মৃতদেহ দুটা পলিথিনত ভৰাহ মেঘালয়ৰ ডাডকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্রায় ৫০–৬০ ফুট দ খাৱৈত পেলাই দিছিল ঘাতক বাহিনীয়ে৷

ঘটনাটো সংঘটিত হোৱাৰ প্রায় ৭ মাহ পিছত আৰক্ষীৰ গোপন তদন্তত পোহৰলৈ আহে এহ নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ আৰক্ষীৰ এটা উচ্চস্তৰীয় সূত্রে জানিব পৰা মতে, মহানগৰীৰ নাৰেংগী এছ বি আহ বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেহবছৰমান পূর্বে বন্দনা কলিতা নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনলৈ স্বামী–স্ত্রীৰ সম্পর্ক ঠিকে আছিল যদিও উচ্চাকাংক্ষী পত্নী বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্রেমৰ সম্পর্কৰ কথা জানিব পাৰি স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্রায়ে সংঘাতৰ সৃষ্টি হৈছিল৷ হপিনে, অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চানমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল৷ তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল৷ ইয়াৰে অন্য চাৰিটা অট্টালিকাৰ ভাৰা সংগ্রহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে৷ ইয়াক লৈ পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল৷ এনে কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দে’ৰ মাজত বিবাহ বিচ্ছেদৰ প্রস্তুতি চলি আছিল৷ এনে সময়তে প্রায় ৭ মাহ পূর্বে বন্দনাহ তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি বন্দনাই নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পর্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দে’ৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা৷

আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্মভাৱে তদন্ত কৰি ইয়াৰ এটা একাউণ্টৰ পৰা বন্দনাই এটিএম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে৷ পিছত আৰক্ষীয়ে যোৱা ১৭ ফেব্রুৱাৰীত বন্দনাক আটক কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰা ঘটনা নিজ মুখে স্বীকাৰ কৰে৷

আৰক্ষীৰ জেৰাত বন্দনাই প্রথমে শাহু শংকৰী দে’ক চানমাৰিৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱকজনৰ সহযোগত মুখত সোপা দি হত্যা কৰি মৃতদেহটো দাৰে টুকুৰা টুকুৰকৈ কাটি ফ্রীজত তিনি দিন ধৰি ভৰাই ৰখা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ তিনি দিন পিছত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাসভৱনত স্বামী অমৰজ্যোতি দে’ক ধনজিৎ ডেকাৰ সহযোগত ডিঙি চেপি নৃশংসভাৱে হত্যা কৰে৷ পিছত অমৰজ্যোতি দে’ক দাৰে কাটি টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই থয়৷ পিছত মাতৃ–পুত্রৰ মৃতদেহ দুটা ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়৷ ডাউকীত উপস্থিত হৈ তিনি হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে৷

এই বিস্ফোৰক তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ধনজিৎ ডেকাক কালি তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্রেপ্তাৰ কৰি নুনমাটি থানালৈ আনে৷ আজি পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে তিনি হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকীত উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে দ খাৱৈত অভিযান চলাই মৃতদেহ দুটাৰ কেতবোৰ অংগ–প্রত্যংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই দুটা হত্যাকাণ্ডত এক বৃহৎ চক্র জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ পৰকীয়া প্রেম আৰু সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like