নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্কো আন্তঃৰাষ্ট্রীয় শিশু ছবি মহোৎসৱলৈ ‘বকুল ফুলৰ দৰে’

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী: মুক্তিৰ পূর্বেই দেশে–বিদেশে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত নৱতম অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’৷ কিশোৰৰ মনস্তত্ত্ব আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত নির্মাণ কৰা এই ছবিখন প্রদর্শিত হ’ব মস্কো আন্তঃৰাষ্ট্রীয় শিশু ছবি মহোৎসৱত৷ ইতিমধ্যে মহোৎসৱখনৰ আয়োজক মণ্ডলীয়ে ছবিখন প্রদর্শনীৰ বাবে বাছনি কৰিছে৷ সমান্তৰালভাৱে কেৰালাৰ অষ্টাদশ ট্রিছুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱ (আই এফ এফ টি) ইণ্ডিয়ান পেনোৰামা শাখাত ‘বকুল ফুলৰ দৰে’ প্রদর্শিত হ’ব৷ উল্লেখ যে প্রাইড ইষ্টৰ বেনাৰত নির্মিত ছবিখন প্রযোজনা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ সঞ্জীৱ হাজৰিকাই পৰিচালনা কৰা ছবিখনৰ কার্যবাহী প্রযোজক হৈছে কৃষ্ণা বৰুৱা৷ ড০ মৃণাল কলিতাৰ উপন্যাসৰে নির্মিত ছবিখনত সংগীত সজাইছে অন্তৰীপ হাজৰিকাই৷ যোৱা ১৬ নৱেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এক অনুষ্ঠানত এই ছবিখনৰ প্রম’ আৰু পোষ্টাৰ মুকলি কৰা হৈছিল৷ ইতিমধ্যে ‘বকুল ফুলৰ দৰে’ ছবিখন জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱলৈ মনোনীত হৈছে৷

You might also like