নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ পাট মুগা বস্ত্ৰশিল্পই মুগ্ধ কৰিলে ২৮ গৰাকী বিদেশী পৰ্যটকক

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: বাৰানসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা  অত্যাধুনিক ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসে আজি পুৱা ৯ বজাত ২৮ গৰাকী পৰ্যটকক লৈ  বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হয় ৷ ইয়াৰে এগৰাকী জাৰ্মানৰ আৰু ২৭ গৰাকী চুইজাৰলেণ্ডৰ ৷  দলটি প্ৰাচ্যৰ মানচেস্টাৰ হিচাৱে খ্যাত বস্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ পৰিদৰ্শন কৰে এড়ি মুগা ফাৰ্মৰ লগতে অসম গৌৰৱ পাট মুগাৰ বস্ত্ৰশিল্প ৷ শুৱালকুছি ৰেচম পামত উপস্থিত হৈ তেওঁলোকে মুগাপলু উৎপাদন কাৰ্য পৰ্যবেক্ষণ কৰে ৷ লগতে ৰেচম পামৰ সমীপতে থকা কেইবাটিও তাতঁশালৰ ফেক্টৰীত পাট মুগাৰ কাপোৰ উৎপাদন কাৰ্য প্ৰত্যক্ষ কৰাৰ লগতে পাটসুতা ৰং কৰা কাৰ্যয়ো প্ৰত্যক্ষ কৰে ৷ শুৱালকুছিৰ পাট মুগাৰ কাপোৰ উৎপাদন কাৰ্য দেখি পৰ্যাটকৰ দলটি অভিভূট হৈ পৰে ৷ আনকি কেবাগৰাকী পৰ্যাটকে মুগা আৰু পাট কাপোৰ গাত মেৰিয়াই লৈ উৎসাহিত হৈ পৰে আৰু ’ভেৰি নাইচ’ বুলি মতামত ব্যক্ত কৰে ৷
উল্লেখ্য যে, নদীৰ মাজত অৱস্থান কৰা জাহাজ খনৰ পৰা দুখন যন্ত্ৰ চালিত নাৱৰে পৰ্যটক সকলক শুৱালকুছি বামুণপাৰা ঘাটলৈকে আদৰি আনে ৷ লগতে পৰ্যটক সকলৰ মনোৰঞ্জনৰ বাবে সাংস্কৃতিক কাৰ্য্যসূচীৰ ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা প্ৰশাসনে ৷ পৰ্যটক সকলক গামোচাৰে আদৰণি জনোৱাৰ লগতে দলটিৰ আগত এটি নাওঁখেলৰ গীত পৰিবেশন কৰা হয় ৷
ইয়াৰ পিচতে ই ৰিক্সাৰে পৰ্যটক সকলে  শুৱালকুছি মুগা ফাৰ্ম পৰিদৰ্শন কৰাৰ লগতে শুৱালকুছি ঐতিহ্য বস্ত্ৰ শিল্প পৰিদৰ্শন কৰে ৷ কামৰূপীয়া লোকৰ গীতৰ তালে তালে নৃত্য কৰিলে এম ভি গংগা বিলাসত অহা এগৰাকী পৰ্যাটকে ৷ প্ৰায় দুঘণ্টা সময়লৈকে  বস্ত্ৰ নগৰীত অতিবাহিত কৰি পুনৰ প্ৰমোদতৰী এম ভি গংগা বিলাস জাহাজলৈ গৈ নিশা জাহাজতে কটাই কাইলৈ পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷
You might also like