নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমান মানে কংগ্রেছ, কংগ্রেছ মানে মুছলমানঃ আব্দুল চুভান

নিয়মীয়া বার্তা, ২২ আগষ্টঃ কংগ্রেছ মানেই মুছলমান, মুছলমান মানেই কংগ্রেছ৷ ইতিমধ্যে কংগ্রেছৰ স্বৰূপ ওলাই পৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ লগত কংগ্রেছৰ হলি–গলিত৷ -এই মন্তব্য সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সঞ্চালক আব্দুল চুভানৰ৷

নলবাৰী জিলা বিজেপিৰ কার্যালয়ত আজি এটা অনুষ্ঠানত ভাগ লৈ চুভানে এইদৰে কয়৷ তেওঁ লগতে কয়, বিজেপিত কোনো সাম্প্রদায়িকতা নাই, বিভেদ নাই৷ হিন্দু কি মুছলমান সকলোৰে সৈতে একতাৰে আগবঢ়াই গৈছে বিজেপি নেতৃত্বাধীন কেন্দ্র তথা ৰাজ্য চৰকাৰে, যাৰ বাবে সকলোৰে উন্নয়ন হৈছে৷ ভাৰত হিন্দুস্তান৷

আমিও এই হিন্দুস্তানৰ ব্যক্তি৷ মুছলমান হ’লেও আমি হিন্দুস্তানৰ লোকহে বুলি দোহাৰে৷ যিমানেই আস্ফালন নকৰক কিয়, আগন্তুক নির্বাচনত বিজেপিৰ জয় নিশ্চিত বুলিও তেওঁ মন্তব্য কৰে৷

You might also like