বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত ম্যানমাৰৰ ৫ জনীয়া দল…
নিয়মীয়া বাৰ্তা, চৰাইদেউ, ৮ নৱেম্বৰ : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পাছতে এই স্থানলৈ বিদেশী পৰ্যটকৰ আগমন পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
আজি ঐতিহাসিক এই স্থানত উপস্থিত হয় ম্যানমাৰৰ ৫ জনীয়া এটা দল৷ দলটোৱে মৈদাম ক্ষেত্ৰৰ বিস্তীৰ্ণ এলেকা ভ্ৰমণ কৰি ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে বুজ লয়৷ দলটোৱে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ স্বৰ্ণিল স্বাক্ষৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ এলেকাত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত পৃথকে পৃথকে থকা একাধিক মৈদাম পৰিদৰ্শন কৰে৷ দলটোৰ সদস্যসকলে তেওঁলোকৰ বংশ বুৰঞ্জী বিচাৰি ম্যানমাৰৰ পৰা আহি অসমত উপস্থিত হৈ চৰাইদেউলৈ আহিছে বুলি মত আগবঢ়াইছে৷
উল্লেখযোগ্য যে ৫ জনীয়া দলটিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি তিপামলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷