নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত তীব্ৰবেগী ৰে’লৰ খুন্দাত থিতাতে নিহত এজন…

নিয়মীয়া বাৰ্তা, জোনাই, ৮ নৱেম্বৰ : শনিবাৰে পুৱাই জোনাইৰ ৰাজাখানা ৰে’লৱে দলঙৰ কাষত নামনিমুৱা ৰে’লৰ খুন্দাত নিহত হয় এগৰাকী ব্যক্তি। মৃত ব্যক্তিজন জোনাইৰ ১নং ৰাজাখানা গাঁৱৰ প্ৰায় ৬০ বছৰীয়া তিলক চেত্ৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ব্যক্তিগৰাকীয়ে পুৱাই নিজ ঘৰৰ পৰা সুস্থ শৰীৰে প্ৰাত:ভ্ৰমণৰ বাবে ওলাই যায়। তেনে সময়তে জোনাইৰ মুৰ্কংচেলেক ৰে’ল ষ্টেচনৰ পৰা নামনিমুৱা তীব্ৰবেগী ৰে’লৰ খুন্দাত ব্যক্তিগৰাকীৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ পৰে।

তিলক চেত্ৰী আছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ আইনী উপদেষ্টা ৰাজু চেত্ৰীৰ পিতৃ৷ বিশিষ্ট সমাজসেৱকগৰাকীৰ  বিয়োগে শোকৰ ছাঁ পেলাইছে সমগ্ৰ জোনাই অঞ্চলত।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ৰে’লৱে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

You might also like