নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ প্রগ্রেচিভ প্রেছত ছপা হৈছিল টেটৰ ভুৱা প্রমাণ–পত্র

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ টেটৰ ভুৱা প্রমাণ–পত্রৰে শিক্ষকৰ চাকৰি লৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ৰ জালত পৰিছে মুঠ ২৯জন শিক্ষক৷ তদুপৰি এই একেটা গোচৰত বর্তমানলৈ চি আই ডিয়ে গ্রেপ্তাৰ কৰিছে ৬জন দালালক৷ বি টি আৰত প্রাথমিক পর্যায়ৰ বিদ্যালয়ত ভুৱা প্রমাণ–পত্রৰে এই শিক্ষকসকলে নিযুক্তি লাভ কৰিছিল৷ পৰৱর্তী সময়ত লাভ কৰা অভিযোগৰ ভিত্তিত চি আই ডিয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত ১০/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰে৷ যিসকল প্রার্থীৰ বিৰুদ্ধে ভুৱা প্রমাণ–পত্র দাখিলৰ অভিযোগ উত্থাপন হৈছিল, তেওঁলোকৰ প্রমাণ–পত্রসমূহ ছেবাৰ জৰিয়তে পৰীক্ষা কৰা হয়৷ মুঠ ৩১জন প্রার্থীৰ বিৰুদ্ধে ভুৱা প্রমাণ–পত্র দাখিলৰ অভিযোগ উত্থাপন হৈছিল৷

এই আটাইকেইজন শিক্ষকক চি আই ডিয়ে জেৰা কৰে৷ যিসকলৰ প্রমাণ–পত্র ভুৱা বুলি প্রমাণিত হৈছে, তেওঁলোকক গ্রেপ্তাৰ কৰি জেৰাৰ বাবে পুনৰ জিম্মাত লৈছে চি আই ডিয়ে৷ এই জেৰাৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত মুঠ ১৪খন জিলাত তালাচী চলাইছিল চি আই ডিয়ে৷ এই সমগ্র কেলেংকাৰিৰ লগত জড়িত একাংশ দালালৰ নাম পোহৰলৈ আহে৷ পৰৱর্তী সময়ত এই দালালসকলৰ বিৰুদ্ধেও চি আই ডিয়ে অভিযান আৰম্ভ কৰে আৰু ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা মুঠ ৬জন দালালক গ্রেপ্তাৰ কৰে৷ এই দালালসকলৰ বেংক একাউণ্টসমূহ ইতিমধ্যে জব্দ কৰা হৈছে আৰু পৰৱর্তী অনুসন্ধান অব্যাহত ৰাখিছে৷ এই গোচৰৰ তদন্তৰ সময়ত ভুৱা প্রমাণ–পত্র, কেইবাটাও ম’বাইল ফোন, লেপটপ, কম্পিউটাৰ আৰু আপত্তিজনক নথি–পত্র জব্দ কৰা হৈছে আৰু সেইসমূহৰ পৰীক্ষা অব্যাহত ৰাখিছে৷ টেটৰ ভুৱা প্রমাণ–পত্র ছপা কৰা নগাঁৱৰ আমোলাপট্টিৰ প্রগ্রেচিভ প্রেছ নামৰ এটা ছপাশাল জব্দ কৰা হৈছে৷ ছপাশালত কৰা তালাচীৰ সময়ত কেতবোৰ ভুৱা প্রমাণ–পত্র জব্দ কৰা হৈছে৷ এই কেলেংকাৰিত অভিযুক্ত পলাতক আন কেইবাজনো শিক্ষক আৰু দালালক গ্রেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে চি আই ডিয়ে৷

You might also like