নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীত নগেন শৰ্মাক স্মৰণ অগপৰ

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২৪সংখ্যক মৃত্যুবাৰ্ষিকী আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থিত কাৰ্যালয়ত পালন কৰা হয়। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী মুকলি কৰে প্ৰয়াত নগেন শৰ্মাৰ সহধৰ্মিণী ড০ অলকা দেশাই শৰ্মাই। অনুষ্ঠানত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ড০ তপন দাস, মনোজ শইকীয়াৰ লগতে দলৰ নেতাসকলে শ্ৰদ্ধা তৰ্পণ কৰে। এই উদ্দেশ্যে পুৱা নাম-প্ৰসংগ অনুষ্ঠিত হয়।

You might also like