নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌমুখত কুখ্যাত গৰুচোৰৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ

🔹 চুৰি গৰু বিক্ৰী কৰাৰ ভিডিঅ’ ভাইৰেল 

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত দিখৌমুখত পুনৰ গৰু চোৰে ৰাইজৰ মাজত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে প্ৰথমবাৰৰ বাবে এই গৰুচুৰি কাণ্ডৰ ভিডিঅ’ বহু লোকৰ ম’বাইল ফোনত ভাইৰেল হৈ পৰিছে৷ উল্লেখযোগ্য যে ২৪ ফেব্ৰুৱাৰীত অঞ্চলটোৰ টেলিয়াডোঙা কৈৱৰ্ত গাঁৱৰ লক্ষী শইকীয়া নামৰ এগৰাকী মহিলাৰ এটা গাইগৰু পথাৰত এৰাল দি থোৱাৰ পৰাই অন্তৰ্ধান হয়৷ ইয়াৰ প্ৰায় কিছুদিন পূৰ্বেও একে গাঁৱৰে ভনীমাই দাস নামৰ আন এগৰাকী মহিলাৰ ঘৰৰ এটা গাইগৰুও অচিনাক্ত দুষ্কৃতিকাৰীয়ে এৰাল দি থোৱা অৱস্থাৰ পৰাই নি বিক্ৰী কৰিছিল৷ বহু বিচাৰ-খোঁচাৰ কৰিও লক্ষী শইকীয়াই নিজৰ মৰমৰ গাইটোৰ সন্ধান লাভ নকৰাত অৱশেষত ২৫ ফেব্ৰুৱাৰীৰ দিনা গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এইক্ষেত্ৰত সংশ্নিষ্ট আৰক্ষীয়েও তৎপৰতাৰে গৰু ক্ৰয় কৰা একাংশ বেপাৰীৰ লগত সম্পৰ্ক স্থাপন কৰি সোধা-পোছা কৰাত নিজকে ৰাজীৱ দাস বুলি চিনাকি দিয়া টেলিয়াডোঙা কৈৱৰ্ত গাঁৱৰ এজন ব্যক্তিয়ে নিজৰ গৰু বুলি দাবী কৰি বিক্ৰী কৰা এটা গাইগৰু ক্ৰয় কৰাৰ সময়ত এজন বেপাৰীয়ে ম’বাইলত কৰি থোৱা ৰেকৰ্ডিঙৰ ভিডিঅ’ আৰক্ষীক প্ৰদান কৰে৷ উক্ত ভিডিঅ’ৰ ভিত্তিত অধিক অনুসন্ধান কৰি আৰক্ষীয়ে ৰাজীৱ দাস বুলি ভুৱা পৰিচয় দিয়া মুকুতা দাস নামৰ ব্যক্তিজনক আজি কৰায়ত্ত কৰে৷ উক্ত আটকাধীন গৰু চোৰ মুকুতাই আৰক্ষীক দিয়া ভাষ্য তথা ভিডিঅ’ত চুৰি গৰু বিক্ৰীৰ সময়ত থকা আন লোকৰ কথোপকথনৰ ভিত্তিত উক্ত গৰু চুৰি কাণ্ডত দিখৌমুখৰে ১নং আলিমূৰৰ আৰু ২নং আলিমূৰৰ টায়ুং উপাধিৰ আন দুজন লোকো জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পূৰ্বেও সময়ে সময়ে দিখৌমুখত একাধিক গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত গৰু চুৰ হোৱা পৰিয়ালে আৰক্ষীৰ কাষ চাপিও সুফল লাভ কৰা নাছিল৷ কিন্তু সম্প্ৰতি চোৰ হাতে-লোটে ধৰা পৰাত ৰাইজে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে যদিও এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কি হ’ব, সেয়াহে লক্ষণীয় হ’ব৷

প্ৰেৰক প্ৰণৱ খাটনিয়াৰ

You might also like