নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত প্ৰশাসনিক একাদশ আৰু সাংবাদিক একাদশৰ মাজত প্ৰীতি ক্ৰিকেট খেল

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কালি নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত নাহৰকটীয়া সাংবাদিক একাদশ বনাম নাহৰকটীয়া প্ৰশাসনিক একাদশৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। খেলখনত টছত জিকি প্ৰথমে বেটিং কৰি সাংবাদিক একাদশে ৰাজীৱ সিঙৰ ১২ ৰাণ, প্ৰাঞ্জল ভূঞাৰ ৯ ৰাণ আৰু দীপাংকৰ কাকতীৰ ৬ ৰাণৰ অৱদানেৰে নিৰ্ধাৰিত ৮ অভাৰত ৩৮ ৰাণ কৰাৰ প্ৰত্যুত্তৰত নাহৰকটীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াই নেতৃত্ব দিয়া তথা স্থানীয় বিধায়ক তৰংগ গগৈয়েও অংশগ্ৰহণ কৰা প্ৰশাসনিক একাদশে তৰংগ গগৈ, প্ৰাঞ্জল চেতিয়া আৰু ভাস্কৰ বৰাৰ দমনীয় বেটিং পৰাক্ৰমৰ ফলত মাত্ৰ ৬ অভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ ৮ উইকেটত জয়লাভ কৰে। খেল খনত আম্পিয়াৰৰ ভূমিকা পালন কৰে ক্ৰমে সতীশ আগৰৱালা আৰু ভাস্কৰ গগৈয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like