নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানাত বিভিএফচিএল বায়’ফাৰ্টিলাইজাৰ প্লাণ্টৰ উৎপাদন ক্ষমতা প্ৰতিদিন এহেজাৰ লিটাৰলৈ বৃদ্ধি

ক্ৰমাৎ উন্নয়নৰ দিশে নামৰূপ সাৰ কাৰখানা–
*

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: ক্ৰমাৎ উন্নতিৰ দিশে গতি লোৱা  নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বিভিএফচিএলৰ   জৈৱিক সাৰ   উদ্যোগটোৰ  উৎপাদন ক্ষমতা বৃদ্ধি কৰি আজিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।।    গুৰুত্বপূৰ্ণ যে ২০০২ চনতে   বি ভি এফ চি এলে  জৈৱিক সাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি  পৰীক্ষা মূলক ভাবে এটা solid জৈৱিক সাৰৰ উদ্যোগ  স্থাপন কৰি চলাই গৈছিল।  কিন্ত শেহতীয়া ভাবে ভাৰত চৰকাৰে  ৰাসায়নিক সাৰৰ লগতে জৈৱিক সাৰ উৎপাদন ক্ষেত্ৰটো  অধিক  গুৰুত্ব দিয়াত চৰকাৰী নীতি অনুসৰণ কৰি  বি ভি এফ চি এলে  চলিড সাৰৰ লগতে জৈৱিক তৰল সাৰৰ উৎপাদান  আৰম্ভ কৰে।  জৈৱিক সাৰৰ  প্ৰচলন বৃদ্ধি পোৱাত  ২০২১ চনৰ অক্টোবৰ মাহত নতুনকৈ যোগদান কৰা  চিএমডি  ডঃ শিৱ প্ৰসাদ মহান্তিয়ে  বিশেষ  পদক্ষেপৰ গ্ৰহণ কৰি  চাহিদা পূৰণৰ বাবে তৰল  জৈৱিক সাৰৰ এটা  উদ্যোগ স্থাপন কৰি ক্ৰমাৎ উৎপাদন ক্ষমতা দুগুণ বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰে ।  প্ৰতি দিনে ৫০০  লিটাৰ তৰল   জৈৱ সাৰ উৎপাদন উদ্যোগটোৰ উৎপাদন ক্ষমতা  প্ৰতিদিনএহেজাৰ লিটাৰলৈ বৃদ্ধি কৰি আজি  আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বি ভি এফ চি এলৰ  বিত্ত সঞ্চালক  সুবাস দাসে ।

আজি বন্তি প্ৰজ্বলন কৰি   ৱায়’ফাৰটিলাইজাৰ প্লাণ্টটো  শুভাৰম্ভ কৰি সঞ্চালক গৰাকীয়ে কয় যে  জৈৱিক  সাৰে মাটিৰ উৰ্বৰতা পুনৰ ঘূৰাইআনে ।  দীৰ্ঘদিন ধৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ  উৰ্বৰা শক্তিৰ অৱনতি ঘটে আৰু শস্যৰ উৎপাদনত প্ৰভাৱ পৰে।   আনহাতে জৈৱ সাৰে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বৃদ্ধি কৰে আৰু মাটিত নাইট্ৰজেন, ভিটামিন আৰু প্ৰটিন, ফছফৰাছ আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰে ।

জৈৱিক সাৰ সন্দৰ্ভত তেওঁ কয় যে জৈৱ সাৰ হৈছে এনে এটা পদাৰ্থ য’ত জীৱিত অণুজীৱ  অৰ্থাৎ.  বিভিন্ন ধৰণৰ বেক্টেৰিয়া   উদ্ভিদৰ পৃষ্ঠ অংশ বা মাটিত প্ৰয়োগ কৰিলে ই উদ্ভিদক প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থৰ যোগান ধৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। লগতে সঞ্চালক গৰাকীয়ে কয় যে বিভিএফচিএলে নামৰূপত দুবিধ জৈৱ সাৰ উৎপাদন কৰে। এবিধ : এজ’ট’বেক্টেৰ আৰু আনবিধ ফছফ’বেক্ট্ৰিন।  ইউৰিয়া বা আন নাইট্ৰজেন সমৃদ্ধ ৰাসায়নিক সাৰ মাটিত প্ৰয়োগ কৰি গছবোৰক নাইট্ৰজেন যোগান ধৰা হয় যদিও  উদ্ভিদে ৰাসায়নিক সাৰৰ পৰা নাইট্ৰজেনৰ সকলো উপাদান আৰু পৰিমাণ শোষণ কৰিব নোৱাৰে।কিন্ত এজ’ট’বেক্টেৰে বাকী থকা নাইট্ৰ’জেন  উদ্ভিদক যোগান ধৰিব পাৰে।  তেওঁ কয় যে জৈৱ সাৰৰ প্ৰধান উপাদান বেক্টেৰিয়াৰ  মাতৃ সংস্কৃতি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ক্ৰয় কৰা হৈছে।  এই মাতৃ ষ্ট্ৰেইনৰ পৰাই উপসংস্কৃতিৰ উৎপাদন হৈছে।

একেদৰে ফছফেট সাৰ যেনে ছুপাৰ ফছফেট, এমোনিয়াম ফছফেট ইত্যাদি  মাটিত প্ৰয়োগ কৰি গছবোৰক ফছফৰাছ যোগান ধৰা হয়।  ফচফ’বেক্ট্ৰিন বায়’ফিটিলাইজাৰে ফছফেট সাৰৰ অদ্ৰৱণীয় অংশক দ্ৰৱণীয় ফছফেটলৈ ৰূপান্তৰিত কৰি উদ্ভিদক যোগান ধৰে।  সঞ্চালক গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে  জৈবিক সাৰ ৰাসায়নিক সাৰৰ বিকল্প নহয়।  এইবোৰে ৰাসায়নিক সাৰৰ সৈতে একেলগে কাম কৰে।  জৈৱ সাৰ প্ৰয়োগৰ নূন্যতম ৩ দিন আগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগেবুলিও প্ৰসংগত উল্লেখ কৰে। আজিৰ অনুষ্ঠানত বিভাগীয় সকলো বিষয় ববীয়া উপস্থিত থাকে।

 

স্মৃতি নামৰূপ

You might also like