নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ কাম কৰিছে : মন্ত্ৰী পীয়ূষ হাজৰীকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ অসমত লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। আমি সকলোৱে ইতিমধ্যে ভোট দিবলৈকে সাজু হৈছো। সকলোৱে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ সাজু হৈছে, কিয়নো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ কাম কৰিছে।- আজি সোণাৰিত এইদৰে মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে শাসকীয় দয় বিজেপিয়ে। মন্ত্ৰী হাজৰীকাই যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ ধাৰবাহিকভাৱে নাজিৰাত ইখনৰ পিছত সিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱাৰ পাছত আজি সোণাৰি বিধানসভা সমষ্টিতো কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সোণাৰিৰ নাফুক পূজা গৃহত অনুষ্ঠিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি অসমত প্ৰায় প্ৰত্যকৰে ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ড দিছে মোদী ডাঙৰীয়াই। মন্ত্ৰীগৰাকীয় এই ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে সভাত বৰ্ণনা কৰে। তেওঁ কয় যে ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চাউল পায়, আয়ুষ্মান কাৰ্ড পায়, উজলা আঁচনিৰ গেছ পায়। এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰে। অসমৰ ৫২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত এইবোৰ একো নাছিল। কংগ্ৰেছৰ দিনত কেৱল সূতা-কম্বল আৰু আঁঠুৱা লাভ কৰিছিল মানুহে। সূতা-কম্বল পাৰ্টীয়ে কেৱল ইমানখিনিয়ে দিব পাৰিছিল। মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সূতা-কম্বল লাগিব নে আয়ুষ্মান কাৰ্ড লাগিব বুলি প্ৰশ্ন কৰে আৰু উপস্থিত ৰাইজে একেষাৰে আয়ুষ্মান কাৰ্ড লাগিব বুলি উত্তৰ দিয়ে। তেওঁ স্কুলীয়া ছোৱালীসকলক চাইকেল কিয় দিয়া হয়, সেই বিষয়েও সভাত ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে হাইস্কুলসমূহ যিহেতু ঘৰৰ পৰা ৩-৪ কিলোমিটাৰ দূৰত থাকে, যাৰ বাবে ছোৱালীসকলে স্কুললৈ যোৱাত অসুবিধাত পৰে। ছোৱালীসকলে যাতে সেই অসুবিধাৰ বাবে আধাতে স্কুল এৰি নিদিয়ে, তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছোৱালীসকলক চাইকেল দিয়াৰ ব্যৱস্থা কৰে বুলি তেওঁ ভাষণত উল্লেখ কৰে। আনহাতে, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছোৱালীসকলৰ লগতে ৭০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ ল’ৰাসকলকো চৰকাৰে স্কুটী দিয়াৰ কথা ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যাতে প্ৰতিযোগিতাৰ মনোভাৱ গঢ় লৈ উঠে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক স্কুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। কংগ্ৰেছ চৰকাৰে আগতে ঘৰ দিছিল, ঘৰবোৰ এটা কোঠাৰ সৰু সৰু ঘৰ আছিল। এই ঘৰসমূহ বনাই দিছিল ঠিকাদাৰে। ঠিকাদাৰে পইচা খাই সেই ঘৰসমূহ বনাইছিল বাবে, ঘৰসমূহ ভাল হোৱা নাছিল। এতিয়াৰ ঘৰবোৰ ডাঙৰ ডাঙৰ হ’ল, আৰু এই ঘৰবোৰ গৰাকীয়ে নিজে বনায় বাবে ইয়াত কোনো দালাল, ঠিকাদাৰে পইচা খাব নোৱাৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এতিয়া গাঁৱে-ভূঞে জল জীৱন মিছনৰ অধীনত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যকে লাভ কৰিছে বিশুদ্ধ খোৱা পানী। তেওঁ কয় যে এই কামসমূহ কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়ে ৰাইজে এতিয়া তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব। ভাষণত মন্ত্ৰী হাজৰীকাই সোণাৰিৰ যাৰ ৰেচন কাৰ্ড আছে সকলো মানুহে অহা তিনি মাহৰ ভিতৰত ৰেচন কাৰ্ড পাব বুলি কয়। ২১ লাখেৰে অৰুণোদয় আৰম্ভ কৰা ৰাজ্যখনত আজি অৰুণোদয় লাভ কৰা লোকৰ সংখ্য ২৭ লাখ হ’ল বুলি তেওঁ ভাষণত কয়। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি যে আখৰে আখৰে পালন কৰিছে সেই বিষয়েও ভাষণত উল্লেখ কৰে। তেওঁ কয় যে আমি ১ লাখ নিবনুৱাক চাকৰি দিলো, অৰুণোদয় আঁচনিৰ টকা বঢ়াই দিলো অহা দুবছৰত আৰু ৩৫-৪০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলি জিলা দুখনত যাৰ যাৰ ৰেচন কাৰ্ড আছে, সকলোকে অৰুণোদয় দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিধানসভাৰ বাজেট অধিৱেশনত এই সিদ্ধান্ত লোৱা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই কাৰণে চৰাইদেউবাসী ভাগ্যৱান বুলিও তেওঁ কয়। আনহাতে, বাগানৰ বাবে চৰকাৰে বহুত কাম কৰাৰ কথা উল্লেখ কৰে। বাগানৰ ল’ৰা-ছোৱালীয়ে যাতে চাকৰি লাভ কৰে তাৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। ভাষণত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰে অসমখন ৬০ বছৰ চলাই মেডিলেক কলেজ কৰিছিল মাত্ৰ ৬খন। আৰু আমি অসমখন চলাইছো মাত্ৰ ৭ বছৰ ১০ মাহ। এই সময়ছোৱাত ১৮খন মেডিকেল কলেজ বনাইছো। তেওঁ আৰু কয় যে য’ত স্বাস্থ্য, শিক্ষা আৰু ৰাস্তা নাথাকে সেইখন সমাজ আগুৱাই যাব নোৱাৰে। তেওঁ অসমত এইমছ বনোৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁ কয় কংগ্ৰেছ ৬০ বছৰত ভাৰতবৰ্ষত এইমছ বনাইছিল ৮খন আৰু নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত এইমছ বনালে ১৫খন ইয়াৰে এখন অসমত স্থাপন কৰা হ’ল। আনহাতে, ব্ৰহ্মপুত্ৰত কংগ্ৰেছে ৬০ বছৰত দলং বনালে মাত্ৰ ৪খন, কিন্তু বিজেপিয় ১০ বছৰত কাম চলি থকা, নিৰ্মাণ সম্পূৰ্ণ হোৱাকে ধৰি দলং বনালে ৯খন। তেওঁ কয় যে এইদৰে আমি উন্নয়নৰ বাবে কাম কৰিছো। আৰু উন্নয়নৰ কথা লৈ ৰাইজৰ মাজলৈ আহিছো। সভাত তেওঁ ৰাইজক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ ফিল্ডত এখনি নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ উপৰি লাচিত নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত লঙপটীয়া আৰু সৰুপথাৰ পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ উপস্থিতিত এখন অনষ্ঠিত কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ নগাহাট বজাৰ গৃহত সোণালী আৰু আহুখাট পঞ্চায়তৰ ৰাইজৰ সৈতে এখনি নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে। ইয়াৰ উপৰি চৰাইদেউৰ জিলাৰ সোণাৰি সমষ্টিৰ নাহৰপুখুৰী আৰু মিলনজ্যােতি পঞ্চায়তৰ ৰাইজৰ সৈতে বৰহাট কৰম ভৱনত আৰু বৰপাত্ৰ বাগিচা গৃহত পূৰ্বাঞ্চল আৰু বৰহাট পঞ্চায়তত যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে।

You might also like