নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় একতা দিৱস : তিতাবৰত লৌহমানৱক স্মৰণেৰে ‘একতা সমদল’

নিয়মীয়া বাৰ্তা, তিতাবৰ, ৩১ অক্টোবৰ : ভাৰতৰ লৌহমানৱ ৰূপে আখ্যায়িত চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি ১৫০সংখ্যক জন্মজয়ন্তী। সেয়ে আজি পুৱাতে তিতাবৰ থানা পৰ্যায়ৰ নাগৰিক সমিতি, তিতাবৰ থানা আৰু ভিডিপিয়ে যৌথভাৱে তিতাবৰত ‘একতা সমদল’ কাৰ্যসূচী ৰূপায়ণ কৰে।

স্থানীয় শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা সমদলটোত পুলিচ কৰ্মী, ভিডিপি সদস্য আৰু নাগৰিক সমিতিৰ সদস্যসকলে সহযোগিতা আগবঢ়ায়। সমদলটো তিতাবৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হৈ ষ্টেচন তিনিআলিলৈকে গৈ পুনৰ থানা চৌহদত আহি সমাপ্ত কৰে। সমদলটোত তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাস, নাগৰিক সমিতিৰ অধ্যক্ষ ৰুবুল তামুলী, নাগৰিক সমিতিৰ সদস্য দেৱজিত হাজৰিকা, পূৰ্ণানন্দ গগৈ, বন্তি শইকীয়া, তিতাবৰ গাঁওৰক্ষী বাহিনীৰ উপ-সভাপতি পুষ্প বৰা আদি উপস্থিত থাকে।

You might also like