অৱশেষত প্ৰত্যাশিতভাৱে ধেমাজি জিলাৰ তিনিটা সমষ্টি ৭৮নং ধেমাজি সমষ্টি, ৭৯নং চিচিবৰগাঁও সমষ্টি আৰু ৮০নং জোনাই বিধান সভা সমষ্টিত বিজয়ৰ ধ্বজা উৰুৱায় এন ডি এ – মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে৷ ধেমাজি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ডাক্টৰ ৰনোজ পেগু, চিচিবৰগাঁও সমষ্টিত জীৱন গগৈ আৰু জোনাই বিধান সভা সমষ্টিত ভূৱন পেগুৱে বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে ধেমাজি মহাবিদ্যালয়ৰ চৌহদত পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোট গণনাত ৭৮নং ধেমাজি বিধান সভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে মুঠ ৮৩৬৪৯টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ শৈলেন সোণোৱালক ৩২২২৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোনোৱালে ৫১৪২০টা ভোট লাভ কৰে৷
ইপিনে সমষ্টিটোত তৃণমূল কংগ্ৰেছৰ নৰেন্দ্ৰ নাথ পাৱে ৩৫৫০টা, বাবুল সোণোৱালে (নিৰ্দলীয়) ১৬৭৫ টা, ললিত পেগুৱে (ভোটাৰ্চ পাৰ্টি) ১০৯১ টা , লিলিমাই দলেয়ে (এচ ইউ চি আই) ৩৯৪ টা ভোট লাভ কৰে ৷ সমষ্টিটোত মুঠ ভোটাৰ ১লাখ ৭৮হাজাৰ ৮৮০গৰাকীৰ ভিতৰৰে এইবাৰ ১লাখ ৪১হাজাৰ ৮৮৭গৰাকীয়ে ভোটদান সাৱস্ত কৰিছিল ৷
ইফালে ধেমাজি জিলাৰ অন্য এক সমষ্টি নৱগঠিত ৭৯নং চিচিবৰগাঁও বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী জীৱন গগৈয়ে বিজয় সাব্যস্ত কৰে ৷ জীৱন গগৈয়ে মুঠ ৭৫৭৫৮ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী দুলাল বৰুৱাক (ৰাইজৰ দল) ৪০৫৯৩টাৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ দুলাল বৰুৱাই ৩৫১৬৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ সমষ্টিটোত নন্দীগিৰী ভূঞাই (নিৰ্দলীয়) ২৬৮৯০ টা , ৰঞ্জিত ৰয়ে (নিৰ্দলীয়) ২২০৯টা, প্ৰাঞ্জল বৰাই (নিৰ্দলীয়) ২৫১২টা, লংকেশ্বৰ দাসে (নিৰ্দলীয়) ১১৮৪ টা, হৰেন চাংমাই(নিৰ্দলীয়) ৭৩৫ টা ভোট লাভ কৰে ৷ সমষ্টিটোৰ মুঠ ১লাখ ৮২হাজাৰ ১৮গৰাকীৰ ভিতৰৰে এইবাৰ সমষ্টিটোত ১লাখ ৪৪ হাজাৰ ৫২২গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱস্ত কৰিছিল ৷
জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বহু চৰ্চিত ৮০নং জোনাই বিধানসভা সমষ্টিৰ এন ডি এ – মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৱে মুঠ ১২৮৯৪০টা ভোট লাভ কৰি একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ৰাজু মেদকক ৮০১২৪ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয় ৷ কংগ্ৰেছ দলৰ ৰাজু মেদকে ভোট গণনাৰ অন্তত মুঠ ৪৮৮১৬ টা ভোট লাভ কৰি পৰাজয়বৰণ কৰে৷
লক্ষ্যণীয় যে সমষ্টিটোত এইবাৰ মুঠ ২লাখ ২২হাজাৰ ৩০৭গৰাকী ভোটাৰৰ ভিতৰৰে ১ লাখ ৭৮হাজাৰ ৬৪৫গৰাকী ভোটাৰে ভোটদান সাৱস্ত কৰিছিল ৷ জিলাখনৰ তিনিটা সমষ্টিত এন ডি এৰ এই বিশাল জয়ৰ পিছতে এন ডি এ-মিত্ৰজোঁটৰ শ শ দলীয় সমৰ্থকে ধেমাজি , চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ তিনিওজন বিজয়ী প্ৰাৰ্থীৰ বাসগৃহত সমবেত হৈ ফুলাম জাপি , গামোচা , আৰনাই , চেলেং চাদৰ , ফুলৰ থোপাৰে উষ্ম সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে ৷
ইপিনে বিজয় সাব্যস্ত কৰাৰ পিছত তিনিওজন বিজয়ী প্ৰাৰ্থীয়ে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত পদাৰ্পণ কৰি দলীয় সমৰ্থকৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰে ৷ স্মৰ্তব্য যে ধেমাজি জিলাৰ তিনিওটা বিধান সভা সমষ্টিত এন ডি এ – মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিশাল ব্যৱধানত বিজয় সাব্যস্ত কৰাৰ পিছত আগন্তুক সময়ত জিলাখনত বিৰোধীৰ শক্তি চূড়ান্তভাৱে দুৰ্বল হৈ পৰাৰ সম্ভাৱনাই অধিক বুলি ধেমাজিৰ ৰাজনৈতিক মহলত আজি সৰৱ চৰ্চা চলিছে ৷
নিয়মীয়া বাৰ্তা, ধেমাজি, মাছখোৱা, ৪ মে’