নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলবাৰে ২.৯৬ শতাংশলৈ হ্রাস পাইছে ক’ভিডত আক্রান্তৰ হাৰ

নিয়মীয়া বাৰ্তা, ৯ জুনঃ ধাৰাবাহিকভাৱে হ্রাস পাই আহিছে ৰাজ্যত ক’ৰোনাত আক্রান্তৰ হাৰ৷ মঙলবাৰে ২.৯৬ শতাংশলৈ হ্রাস পাইছে ক’ভিডত আক্রান্তৰ হাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ৩,৯৪৮জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ এই সময়ছোৱাত ১,৩৩,২১২টা নমুনাৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৯৪জন কাছাৰ জিলাৰ৷

ইপিনে, কামৰূপ  মহানগৰ জিলাৰ ৩৪১জন, নগাঁও জিলাৰ ২৪৭জন আৰু ডিব্রুগড় জিলাৰ ২৪৩জন লোক নতুনকৈ আক্রান্ত হৈছে৷ মঙলবাৰে মুঠ ৪৩জন লোকে মৃত্যুক সাবটি লৈছে৷ ক’ভিডত মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰ আৰু ডিব্রুগড়ৰ ৬জনকৈ, নগাঁও আৰু শোণিতপুৰৰ তিনিজনকৈ, শিৱসাগৰ–কৰিমগঞ্জ শালমাৰা–তিনিচুকীয়াৰ দুজনকৈ আৰু বৰপেটা–বঙাইগাঁও–দৰং-কাৰ্বি-আংলং–লখিমপুৰ আৰু নলবাৰীৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যত বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,৭৩৮জন৷ ক’ভিডৰ পৰা সুস্থ হৈছে ৩,৪১৯জন৷ সম্প্রতি চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ৪৯,১৫৮জন৷

উল্লেখ্য যে ক’ভিডত আক্রান্ত হোৱাৰ পিছত সুস্থ হ’লেও বহু লোক মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে৷ সেয়েহে সুস্থ হৈ উঠা লোকসকলৰ বাবে ক’ভিডোত্তৰ ক্লিনিক স্থাপন কৰা বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে এখন আবেদনৰ শুনানি গ্রহণ কৰা হয়৷ এই শুনানিৰ সময়ত ৰাজ্য চৰকাৰে অৱগত কৰে যে প্রতিজন সুস্থ হৈ উঠা লোকক টেলি মেডিচিন প্লেটফর্মৰ জৰিয়তে নিৰীক্ষণ কৰা হয়৷

অৱশ্যে চৰকাৰী হাস্পতাল অথবা কামৰূপ মহানগৰ জিলাৰ মেডিকেল কলেজত পৰীক্ষামূলকভাৱে ক’ভিডৰ পৰীক্ষাৰ চিকিৎসাৰ বাবে ক্লিনিক স্থাপনৰ বিষয়টো চৰকাৰে চিন্তা কৰিব পাৰে বুলিও চৰকাৰী পক্ষই ন্যায়ালয়ত অৱগত কৰে৷ এইক্ষেত্রত চৰকাৰক সঁহাৰি জনাবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷ অহা ১৬ জুনত এই গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব৷

You might also like