নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধ প্রৱণতা চিকিৎসকৰ ওপৰত আক্রমণ

 সদ্য সংঘটিত চিকিৎসকৰ ওপৰত আক্রমণৰ ঘটনাটো দুর্বৃত্তই কৰা এটা গর্হিত কার্য৷ পুলিচ আৰু আইনে ক্ষিপ্রতাৰে বিহিত ব্যৱস্থা লৈছে৷ নোলোৱা হ’লে জনসাধাৰণে প্রতিবাদ কৰিলেহেঁতেন৷ কিন্তু লোৱা সত্ত্বেও সামাজিক আৰু দৃশ্য–শ্রাব্য মাধ্যম উত্তাল হৈ আছে৷ গৰিষ্ঠসংখ্যক লোকেই চিকিৎসকৰ ওপৰত হোৱা আক্রমণ অসহনীয় পাইছে৷ কিন্তু এইসকলৰ মাজৰ বুজনসংখ্যকে এইটোৱেই নহয় এনে বহু অপৰাধৰ সৈতে এটা বিশেষ ধর্মৰ লোকহে জডিত হৈ আছে সেইটোহে প্রধান সমস্যা এই ধৰণে মত দিছে৷ এইটো এটা জটিল বিষয় আৰু এক সুচিন্তিত ৰাজহুৱা আলোচনা কাম্য৷ কিন্তু বিষয়টো মানুহৰ স্বাভাৱিক তাৎক্ষণিক সিদ্ধান্তত উপনীত হোৱাৰ প্রৱণতাই ধূসৰ কৰিছে৷ তাৎক্ষণিক সিদ্ধান্তত উপনীত হোৱাৰ দুর্বলতা আমাৰ সকলোৰে আছে৷ পৃথিৱীৰ প্রতিজন মানুহেই পক্ষপাতদুষ্ট৷ আনকি বিজ্ঞানীসকলো৷ কিন্তু বিজ্ঞানীসকলে নিজৰ এই দুর্বলতা জানে বাবে সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্রত প্রণালীবদ্ধভাৱে সাৱধানতা লয়, যাতে নিজৰ পূর্ব–ধাৰণা বা পক্ষপাতিত্বই পর্যবেক্ষণ বা সিদ্ধান্ত কলুষিত নকৰে৷ কিন্তু ৰাজহুৱা আলোচনা বিজ্ঞান চর্চা নহয়– ই সাধাৰণতে দুটা পক্ষৰ মাজত এক বিবাদৰ ৰূপ লয়৷ এই ঘটনাটোও ব্যতিক্রম হোৱা নাই৷ মই মোৰ নিজৰ পূর্ব–ধাৰণা বা পক্ষপাতিত্ব এৰাব নোৱাৰিম৷ কিন্তু মই এই সম্পর্কে সচেতন বাবে হয়তো কিছু স্পষ্ট আৰু নিৰপেক্ষ হ’ব পাৰিম৷ বৰং মতামত আৰু সিদ্ধান্তৰ সলনি পর্যবেক্ষণহে দিম৷

চিকিৎসক আৰু ৰোগীৰ সংঘাত প্রতিখন দেশতে আছে৷ ক’ৰবাত যেনে আমেৰিকাৰ দৰে দেশত ই আইনী যুদ্ধৰ ৰূপ লয়, আন ক’ৰবাত যেনিবা যেনে ইংলেণ্ডত কর্তৃপক্ষক দিয়া অভিযোগ৷ আমাৰ দেশত এই দুটা পথেই জনসাধাৰণৰ কাৰণে সৰল নহয়৷ সেয়ে মাৰপিট বা গণৰোষৰ ৰূপ মাজে–সময়ে লয়, কিন্তু অধিক ক্ষেত্রত নীৰৱ অসন্তুষ্টিৰ মাজেৰেই ৰোগী বা আত্মীয়ই দুর্ভাগ্য মানি লয়৷ কিন্তু এইটোও নহয় যে ইংলেণ্ড–আমেৰিকাত মাৰপিটৰ ঘটনা নহয়৷ সদ্য সংঘটিত অসমৰ ঘটনাটো ঘটাৰ এদিন কি দুদিনৰ পিছতেই মই পুৱাই বি বি চিত এটা বাতৰি শুনি হতভম্ব হ’লোঁ৷ যোৱা বছৰ ইংলেণ্ডত এম্বুলেঞ্চ কর্মীৰ ওপৰত ৩,৫৬৯বাৰ আক্রমণ হৈছিল৷ এই সংখ্যা পাঁচ বছৰৰ পূর্বৰ তুলনাত ৩০ শতাংশ বৃদ্ধি হৈছে৷ সাধাৰণতে নিচাসক্ত লোক এই ধৰণৰ কাণ্ডত জডিত থাকে৷ অভিযোগ কৰাৰ সম্পূর্ণ সুযোগ থকাৰ পিছতো কোনো কোনো ৰোগী বা আত্মীয় হিংসাত্মক হৈ উঠে৷ আমি চিকিৎসক, নার্ছ আৰু চিকিৎসা কর্মীয়ে এনে পৰিস্থিতি আমি কেনেকৈ এৰাই চলিব পাৰোঁ বা আমাৰ কৰণীয় কি বছৰেকত এবাৰকৈ বাধ্যতামূলকভাৱে পাঠ ল’ব লাগে৷ বৃত্তিগতContinuous Medical Education৷ ইয়াৰ উপৰি আমি এনে বিভিন্ন বিষয় যেনে সমতা আৰু বিবিধতা(Equality and Diversity), ৰোগীৰ গোপনীয়তা ৰক্ষা(Patient Confidentiality) সম্বন্ধীয় আইন আদি সম্পর্কে বাধ্যতামূলক পাঠ ল’ব লাগে৷
মাৰপিট আৰু গণৰোষৰ ঘটনা ঘটিলে দেশৰ আইন অনুযায়ী ক্ষিপ্রতাৰে ব্যৱস্থা লোৱাটো নিয়ম৷ সকলোৰে বাবে কর্মস্থলীত সম্পূর্ণ নিৰাপত্তা থাকিব লাগে৷ এনে একোটা হিংসাত্মক ঘটনা ঘটিলে ভৱিষ্যতে পুনৰাবৃত্তি নহ’বলৈ কর্তৃপক্ষই কর্মস্থলীত নিৰাপত্তাৰ অভাৱ পর্যলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে৷ এইখিনি সচৰাচৰ নিয়ম৷
কিন্তু সদ্য সংঘটিত ঘটনাটোত আন এটা মাত্রা জডিত হৈ পৰিছে৷ একাংশ লোকে পর্যবেক্ষণ কৰিছে যে এইধৰণৰ আন আন বহু অপৰাধজনিত ঘটনাত এটা বিশেষ ধর্মীয় সম্প্রদায়ৰ লোকহে জডিত হৈ আছে, সেয়ে নিশ্চয় ইয়াৰ কাৰণ তেওঁলোকৰ মাজতহে আছে, আমাৰ মাজত নাই৷ এনেধৰণে পর্যবেক্ষণৰ পৰা সিদ্ধান্তত উপনীত হোৱা প্রণালীক ‘লজিক’ বা যুক্তিৰ ফালৰ পৰা আৰোহ(Inductive) প্রণালীভিত্তিক বুলি কোৱা হয়৷ এই ধৰণৰ যুক্তি ভ্রান্তিকৰ হ’ব পাৰে, কাৰণ যদি কাইলৈ আন এটা সম্প্রদায়ৰ লোকে এনে ধৰণৰ গর্হিত কার্য কৰে তেনেহ’লে এই যুক্তি মুহূর্ততে খহি পৰিব৷ কিন্তু আমাৰ সামাজিক বিতর্কৰ ধাৰাটোৱেই হ’ল আৰোহ প্রণালীভিত্তিক৷ ২০১৭ চনৰ ‘নিয়মীয়া বার্তা’ৰ ২৭ আগষ্টৰ ১১ পৃষ্ঠাত ড০ হীৰেন গোহাইকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে স্বাক্ষৰ কৰা বুলি উল্লিখিত এটা বিবৃতিত তেওঁলোকে ‘নগাঁৱত সংঘটিত ঘটনাই অসমীয়া জাতিক চূডান্তভাৱে অপমান কৰিছে’ বুলি সিদ্ধান্ত দি ৰাজ্যবাসীক প্রতিবাদ কৰিবলৈ আহ্বান জনাইছিল৷ ঘটনাটো আছিল কেইজনমান হিন্দু বাঙালীয়ে সন্ত্রাসবাদী এটা সংগঠনৰ হৈ চান্দা দাবী কৰা কোনো যুৱকক কৰা প্রহাৰ৷ এই ঘটনাটোৰ পৰা তেওঁলোকে ততালিকে সিদ্ধান্ত কৰি পেলালে যে এইটো সমগ্র বাঙালী শৰণার্থী হিন্দু সম্প্রদায়টোৰ অতপালি৷ চান্দা তুলিব যোৱা যুৱকক প্রহাৰ কৰা মানে সমগ্র অসমীয়া জাতিটোৰ প্রতি প্রদর্শন কৰা স্পর্ধা৷ তাৰিখ–পৃষ্ঠা আন এটা লেখাত আছিল৷ থিতাতে পাই আৰোহ প্রণালীভিত্তিক যুক্তিৰ দুর্বলতাটো প্রকাশ কৰিবলৈ উদাহৰণটো ব্যৱহাৰ কৰিলোঁ৷ নাভাবিব যে মই বিবৃতি সংৰক্ষণ কৰি ৰাখোঁ৷ সেই সময়ত বাঙালী শৰণার্থী হিন্দুবিৰোধী এটা বাতাৱৰণ চলি আছিল৷ আজি সদ্য সংঘটিত ঘটনাটোৰ পৰিণতিত বাতাৱৰণটো বিপৰীত হৈছে, কিন্তু গুণগত পার্থক্য নাই৷ আমি নিমিষতে বিযয় একোটা সাধাৰণীকৰণ কৰোঁ বা ঘটনা এটা বা ব্যক্তি কেইজমানকে গোষ্ঠী বা সম্প্রদায়ৰ সৈতে একাকাৰ কৰি পেলাওঁ৷
একেখন ভূমিখণ্ডত থকা দুটা গোষ্ঠী–সম্প্রদায়ৰ মাজত উত্তেজনা থাকিব পাৰে৷ সময়ে সময়ে এনে একোটা ঘটনাৰ পিছত উত্তেজনা উতলি উঠে৷ শাম কাটিবলৈও অধিক সময় নালাগে, কাৰণ আমাৰ সামগ্রিক মনোযোগিতাৰ সময়কাল চুটি৷ আমি আন এটা বিষয়লৈ অচিৰে ধাৱমান হওঁ৷ উত্তেজনাৰ মূল কাৰণবোৰ মোকাবিলা কৰাৰ যি প্রয়োজনীয়তা সেইটো এইধৰণৰ বিতর্কত গৌণ ৰূপ লয়৷
আমাৰ মাজত জনগাঁথনিৰ পৰিৱর্তনক লৈ উদ্বিগ্ণতা আছে৷ ই এক বাস্তৱ সমস্যা কল্পনাপ্রসূত নহয়৷ এই উদ্বিগ্ণতা বিদ্বেষৰ ৰূপ ল’ব পাৰে, এই সম্ভাৱনা স্বীকাৰ কৰিব লাগিব৷ সেয়ে নিৰাময়ৰ বাবে আমি ৰাজনৈতিক সমাধান যেনে বিধানসভা সমষ্টিসমূহৰ সীমা পুনঃনির্ধাৰণ আদি কার্যকৰী ব্যৱস্থা বিচাৰিব লাগিব৷ ইয়াৰ বাবে বিক্ষোভ–আন্দোলনো কৰিব লাগিব৷ কিন্তু নিজৰ অধিকাৰ সুৰক্ষাৰ বাবে কোনো গোষ্ঠী বা সম্প্রদায়ক অসন্মান কৰাৰ প্রয়োজন নাই৷ এনে কৰিলে আমাৰ স্বাভিমানহে দৰাচলতে ঘুণীয়া হয়৷ সভ্যতা–সংস্কৃতিৰ পৰিপন্থী হয়৷ আমি আমাৰ নিজৰ সত্তাটোকে হেৰুৱাই পেলাওঁ৷ আচল অস্তিত্ব ৰক্ষাৰ সংগ্রামখন ক্ষতিগ্রস্ত হয়৷ মূল বিষয়ৰ পৰা আঁতৰি আন এটা বিষয়ত সময় নষ্ট কৰা হয়, যিটো হয়তো আইন–শৃংখলা বা অনগ্রসৰতাৰ সমস্যা৷ আইন–শৃংখলা বা অনগ্রসৰতাৰ সমস্যাৰ সমাধানো আমাক লাগিব৷ কিন্তু জনগাঁথনিৰ মূল সমস্যাটোৰ সৈতে আন সমস্যা একাকাৰ কৰিলে ক্ষতিহে হ’ব৷
বুজনসংখ্যকৰ ধাৰণা যে এটা বিশেষ সম্প্রদায়ৰ মাজত অপৰাধ প্রৱণতা বেছি, সেয়া সঁচা নে মিছা পৰিসংখ্যা ল’লে ওলাই পৰিব৷ ইয়াৰ কাৰণ ধর্ম দায়ী নহয়৷ কোনো কোনো সম্প্রদায়ৰ মাজত বা অঞ্চলত অপৰাধ প্রৱণতা বা প্রাদুর্ভাৱ নতুন কথা নহয়৷ আমেৰিকাত কৃষ্ণাংগ অধ্যুষিত অঞ্চলত অপৰাধ বেছি বুলি ধাৰণা আছে৷ তেওঁলোকৰ বৰণটোহে ইয়াৰ বাবে দায়ী বুলি কোনেও যুক্তি দিব নোৱাৰে৷ ইয়াৰ আন আন কাৰণ আছে যেনে– অনগ্রসৰতা, শিক্ষাৰ অভাৱ ইত্যাদি৷
এই সন্দর্ভত সামাজিক মাধ্যমত প্রকাশিত দুটা অভিমত মই তলত দাঙি ধৰিলোঁ৷ এটা সুকইনা ফুকনৰ আৰু আনটো আবু চুফিয়ানৰ৷ দুয়োজনে আৱেগিক কিন্তু যুক্তিসহকাৰে নিজৰ ভাব প্রকাশ কৰিছে যে সম্প্রদায়টোৰ মাজত অপৰাধ প্রৱণতাৰ একাধিক দিশ আছে৷ দুয়োজনৰে প্রতি কৃতজ্ঞতাৰে মই লেখা দুটা হুবহু তুলি দিলোঁ, কাৰণ সঁচাকৈয়ে দুয়োজনে বাস্তৱৰ একোখন চিত্র দাঙি ধৰিছে৷
মুছলমান সমাজক কোনে নেতৃত্ব দিব? সুকইনা ফুকন
মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল নেতৃত্বৰ সমস্যা৷ ইয়াৰ প্রধান কাৰণ হ’ল নগৰীয়া মধ্যবিত্ত মুছলমান সমাজখনৰ সৈতে খাটিখোৱা বহল মুছলমান সমাজখনৰ সম্পর্কহীনতা৷ নগৰীয়া মুছলমান মধ্যবিত্ত হ’ল বর্তমানৰ বিশ্বায়িত বিশ্ব–নাগৰিকীয় সংস্কৃতিৰ সদস্য৷ মুছলমান হিচাপে তেওঁলোকেও বৈষম্যৰ বলি হ’ব লগা হৈ থাকে, কিন্তু সেইটোৱে তেওঁলোকৰ সৰহভাগকে বাকী খাটিখোৱা মুছলমান জনসাধাৰণৰ কাষ চপাই নিনিয়ে৷ আনহাতে, ভিতৰুৱা গাঁৱত–চৰত বাস কৰা একাংশ খাটিখোৱা মুছলমান জনসাধাৰণ হ’ল দৰিদ্রতা–পশ্চাৎপদ্ কোঙা কৰা৷ গতিকে নগৰীয়া মুছলমান মধ্যবিত্তই সেইখন সমাজৰ প্রতি আত্মীয়তাৰ সলনি দূৰত্ব আৰু ঘৃণা অনুভৱ কৰাই স্বাভাৱিক৷ ইয়াৰ লগত জডিত হৈ আছে সামাজিক নিৰাপত্তাৰ প্রশ্ণ– মধ্যবিত্তীয় নাগৰিকে নিৰাপত্তা বিসর্জন দি কোনে খাটিখোৱা জনসাধাৰণৰ সৈতে একে সমদলত ভৰি দিবলৈ যাব? আনহাতে, অসমৰ সমাজ জীৱনত যিসকল মুছলমান লোকে নিজৰ জীৱনজোৰা কষ্টৰ বলত ‘জাতীয় জীৱন’ৰ অগ্রণী ব্যক্তি হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিছে, সেইসকলে খাটিখোৱা মুছলমানৰ হৈ ৰাজনৈতিক প্রশ্ণ উত্থাপন কৰাৰ অর্থই হ’ল নিজৰ ‘জাতীয়’ স্থান তথা মর্যাদা বিসর্জন দিয়া – কাৰণ তেনে কৰাৰ লগে লগেই তেওঁলোক নিজক মুছলমানত পৰিণত হ’ব৷ ইয়াত মুছলমান লোক এজনে বহু অধ্যৱসায় কৰিহে ‘জাতীয়’ চৰিত্র লাভ কৰিব পাৰে, কিন্তু সেইটোও টিকি থাকে এক তেনেই ঠুনুকা ভেটিৰ ওপৰত, যিকোনো মুহূর্ততে সেই ভেটি খহি পৰি তেওঁক মুছলমানলৈ পর্যবসিত কৰিব পাৰে৷ সেইবাবেই ‘জাতীয়’ স্থান লাভ কৰিবলৈ সক্ষম হোৱা মুছলমান লোকসকলে জাতীয়তাবাদৰ বিৰুদ্ধে থিয় দি মুছলমান সমাজক নেতৃত্ব দিবলৈ ওলাই আহিব বুলি আশা কৰাটো ভুল৷ তেনেহ’লে মুছলমান সমাজৰ নেতৃত্ব দিবলৈ বাকী থাকিল কোন? ধর্মৰ ধ্বজাধাৰীসকল৷ এইটো মুছলমান সমাজৰ ধর্মীয় ৰক্ষণশীলতাৰ এটা প্রধান কাৰণ৷ এই ধর্মৰ ধ্বজাধাৰীসকল নেতৃত্বত থকালৈকে মুছলমানৰ মুক্তি নাই৷ গতিকে মুছলমান সমাজে প্রথমে অত্যাধিক ধর্মান্ধ ধর্মৰ ধবজাধাৰীসকলক সামাজিক নেতৃত্বৰ স্থানৰ পৰা আঁতৰাই পঠিয়াব পাৰিব লাগিব৷ সেই কাম নিশ্চয়কৈ নতুন প্রজন্মৰ প্রগতিশীল যুৱক–যুৱতীসকলেই কৰিব লাগিব৷ আধুনিকীকৰণৰ কোনো বিকল্প নাই৷ আমি আশা কৰোঁ, মুছলমান সমাজৰ ভিতৰৰ পৰাই জোৰদাৰ আধুনিকীকৰণ হওক আৰু ধর্মৰ পৰিসীমা ক্রমান্বয়ে সংকুচিত কৰি অনা হওক৷ যিসকলে অহৰহ ইছলামৰ নাম লৈ থাকে, ইছলামৰ দোহাই দি খোৱা–পিন্ধাকে আদি কৰি জীৱনৰ সকলো ক্ষেত্রতে বাধা–নিষেধ আৰোপ কৰিব বিচাৰে, তেওঁলোকক মতাদর্শগতভাৱে পৰাস্ত কৰি একাষৰীয়া কৰা হওক৷ ইছলামৰ উদাৰবাদী ব্যাখ্যাৰ মাজেৰে সংস্কাৰৰ ভালেমান পদক্ষেপ হাতত ল’ব পাৰি৷ কিন্তু ধর্মৰ ধর্মভিত্তিক সংস্কাৰ কৰি কেতিয়াও সামাজিক মুক্তিৰ বাটত আগবাঢ়িব নোৱাৰি– তাৰ বাবে ধর্মক মতাদর্শগতভাৱে পৰাস্ত কৰিব লাগিব৷ ইয়াৰ অবিহনে সর্বসাধাৰণ জনতাক সাম্প্রতিক সামাজিক বাস্তৱতা সম্পর্কে ৰাজনৈতিকভাৱে সচেতন কৰি তুলিব পৰা নাযায়৷
বিদ্রঃ বৰ দুখ পাওঁ যেতিয়া কোনো ঘটনা–পৰিঘটনাৰ বাবে উপাধিবোৰক গুৰুত্ব দিলে৷ গোটেই কথাখিনি ধর্মৰ বিৰোধিতাৰ উদ্দেশ্য নহয়, কোনেও ভুলকৈ নল’ব৷ ক’ৰবাত ভুল হ’লে শুধৰাই দিব বুলি আশা কৰিছোঁ৷ বিতর্কৰ বিপৰীতে আলোচনা হোৱাটো মোৰ একান্তই কামনা৷
(https.//www.facebook.com/sukoina.phukon)

চিন্তা নকৰিবলগীয়া চিন্তা, কেইটামান প্রশ্ণঃ আবু চুফিয়ান
বিগত প্রায় এমাহমানৰ পৰা অসমৰ প্রতিখন জিলাত ড্রাগ্ছ, নিচাযুক্ত দ্রব্য আদিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি আছে, সেই অভিযানত কাক কাক গ্রেপ্তাৰ কৰি আছে মন কৰিছেনে? মন কৰিলে স্পষ্টকৈ বুজি পাব বুজনসংখ্যকে আলী, ইছলাম, খান, ৰহমান আদি উপাধিৰ৷ এই তথ্যৰ পৰা বিভিন্নজনে কৈ আছে ড্রাগ্ছ সৰবৰাহকাৰী এটা জনগোষ্ঠীৰ৷ হয়, কথাটো মিছা জানো? বুজনসংখ্যকেই তথাকথিত মুছলমান বা সংখ্যালঘু মিঞা৷ এই ‘মিঞা’ শব্দটো উল্লেখ কৰি সামাজিক মাধ্যমত প্রচাৰ কৰি থকাত একাংশ পাবতগজা স্বয়ম্ভু বুদ্ধিজীৱীয়ে জাঙুৰ খাই উঠাটো লক্ষ্য কৰিছোঁ৷ প্রকৃত সত্যৰ পৰা যেনিবা ফালৰি কাটি অত্যুক্তি অলপ কৰিলেই তাত জাঙুৰ খাই কি কৰিব? প্রকৃত কাৰণ উলিয়াই আত্মসমালোচনা কৰাৰ প্রয়োজন নাইনে?
গোলাঘাটৰ পৰা মানকাচৰলৈ, লখিমপুৰৰ পৰা শ্রীৰামপুৰলৈ যিমানবোৰ ড্রাগ্ছৰ কেছ ধৰা পৰিছে, এইবোৰত আশী শতাংশ এটা জনগোষ্ঠীৰ পেডলাৰ নহ’বনে? মহানগৰ বা চহৰবোৰত কিছু ইফাল–সিফাল হ’লেও গ্রামাঞ্চলত ধৰা পৰাবোৰ কোন? গাত চিকুট মাৰি চাওকচোন৷ কিয় এই অৱস্থা পাইছে? কেতিয়াবা ইয়াৰ কাৰণ বিচাৰিবলৈ চেষ্টা কৰিছেনে? নে এই কাম কৰিবলৈ মূৰত থকা সামান্য ঘিউকণ কোনোবা তথাকথিত জাতীয় অনুষ্ঠান বা ৰাজনৈতিক দলৰ নেতা (?)বোৰক লীজত দি থৈছে?
বহুতে জাতি, ধর্ম বুলি ডিঙি ফুলাই ভাষণ দিয়ে৷ ভোটৰ ৰাজনৈতিক প্রচাৰ সভাত ঘৰ–সংসাৰ এৰি উবুৰি খাই পৰাসকলে ড্রাগ্ছৰ কবলত পৰা নতুন প্রজন্মক ৰক্ষা কৰি মানুহ কৰিব পাৰিব বুলি ভাবিছেনে? এইদৰে চলিলে দহ বছৰো নালাগে এটা প্রজন্ম ধ্বংস হ’বলৈ৷
এতিয়া মোক এটা কথা কওক৷ ডাঙৰ ডাঙৰ মুফতি, মৌলানা দেওবন্দ, আলিগড, বাংলাদেশৰ পৰা আনি যে বিৰাট ধর্মীয় জলচা পাতে তাত সেইসকলে কলিমা, নামাজ, ৰোজা, হজ্জ, জাকাত আৰু দান–খয়ৰাতৰ বাহিৰে চৰিত্র গঠনৰ কথা কয়নে? শুদ্ধ মানৱ জীৱন যাপন কৰাৰ পদ্ধতি শিকায় নে নিশিকায়৷ তেওঁলোকৰ জীৱিকা কেৱল ধর্মীয় ওৱাজ৷ কোনোবা মাদ্রাছাৰ নামত সাহায্য সংগ্রহ কৰিবৰ বাবে এনে মোল্লাৰ আমদানি কৰি সংগ্রহ হোৱা ধনৰ একাংশ তেওঁলোকক দিয়া হয়৷ মই জনাত অসমৰ পৰাও বৃত্তিগত হিচাপে কিছু হাফিজ, মৌলানা বাংলাদেশলৈ যায় ওৱাজ কৰিবলৈ৷ জীৱিকাই ধর্মীয় বেপাৰ৷ এইসকলৰ আওপুৰণি বত্তৃণতা আৰু সুৰ লগাই কোৱা কথাই সমাজ পৰিৱর্তন কৰিব নোৱাৰিব৷ নামাজ নপঢ়িলে, ৰোজা নাৰাখিলে ৰৌ ৰৌ নৰকৰ ভয় দেখুৱায়৷ মদ খালে, ভাং খালে, ড্রাগ্ছ খালে কি হ’ব নকয়ো, নাজানেও৷
নিম্নলিখিত প্রধান কাৰণৰ বাবেই যুৱপ্রজন্মৰ বুজনসংখ্যক হয় ড্রাগ্ছ আসক্ত হৈছে নহ’লে ইয়াৰ ব্যৱসায়ত নামিছে৷
(১) বিশ্বায়নৰ অনৈতিক বজাৰ ব্যৱস্থাই এই দ্রব্যবোৰ সহজলভ্য কৰিছে আৰু কাম বা কষ্ট নকৰাকৈ ধন ঘটাৰ সুবিধা কৰি দিছে৷ ফার্মাচীসমূহত ‘ৰেষ্ট্রিক্টেড ড্রাগ্ছ’ প্রেছক্রিপচন নোহোৱাকৈ বিক্রী কৰিব নালাগে বুলি জানিও অধিক মূল্য পাই বিক্রী কৰি আছে৷ ইয়াতো একপ্রকাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা হৈছে৷ সহজলভ্য হোৱা বাবে আসক্তৰ পৰিমাণ বাঢ়িছে৷
(২) জীৱন–জীৱিকাৰ হতাশা, সামাজিক নিৰাপত্তাহীনতা, ৰাজনৈতিক অৰাজকতা আদিয়ে এই আসক্তি আৰু ব্যৱসায়ৰ পৰিমাণ বঢ়াইছে৷ ইয়াৰ ফলত আন আন অপৰাধৰ পৰিমাণ বাঢ়ি গৈছে৷
(৩) এতিয়ালৈকে অসমত যিমান ‘পপী’ বা ভাঙৰ খেতি পুলিচে ধ্বংস কৰিছে সকলোবোৰেই নামনি অসমৰ সেইবোৰ বিশেষ অঞ্চলত৷ এইবোৰৰ খেতি অধিক মুনাফাৰ আশাত কৰা নাইনে?
(৪) ব্রাউন ছুগাৰ, হেৰ’ইন আদি যদিও ম্যানমাৰৰ পৰা মণিপুৰৰ চাণ্ডেল জিলা হৈ যোগান ধৰি আছে আৰু আমাৰ ফালে সিঁচৰতি হৈ পৰিছে, পাণমচলা–নাইড্র’জেপাম কেপছুল–আন আন টেবলেট–কফ ছিৰাপ–ভাং–ব্রাউন ছুগাৰ–হেৰ’ইন–জোতাৰ পলিছ–ডেনড্রাইট ক্রমত আগবাঢ়ি এটা সময়ত ঘৰত লুটপাত, মাৰপিট, চুৰি–ডকাইতি আৰু শেষত বাহিৰত অপৰাধ৷ কাৰণ নিচা নহ’লে পাগল হৈ যায়৷ টকা লাগে ড্রাগ্ছ ক্রয় কৰিবলৈ৷ টকাৰ বাবেই যিকোনো অপৰাধ কৰিবলৈ আৰম্ভ কৰে৷ চেইন, ম’বাইল চুৰিৰ পৰা ডকাইতি, হত্যালৈকে৷
(৫) হেৰৌ, ধর্মৰ ঠিকাদাৰসকল, ইছলাম ধর্মত মদ অলপ গাত লাগিলে শৰীৰৰ সেই অংশ কাটি পেলাব লাগে৷ বহুত আৰব্য পোছাকৰ কাঠমোল্লা, মোল্লা, ধর্মৰ বেপাৰীসকলে দিনটোত দুটা পাণমচলা মিহলি কৰি যে কিমানবাৰ খায় নিজক সোধকচোন৷ ৰচিদ বহি লৈ চান্দা তোলা, কমিছন খোৱা, মানুহৰ ঘৰত উপযাচিয়ে দোৱা কৰি বৰঙণি আদায় কৰা, কোৰান খতম পঢ়াৰ ৰেট বান্ধি দিয়া কোন হাদিছ–কোৰানত পাইছে আমাক জনাবচোন৷ যুৱপ্রজন্মক ধার্মিক কৰিব নালাগে, নোৱাৰে, অন্ততঃ চৰিত্র গঠন কৰাৰ চেষ্টা কৰক৷ কিন্তু আপোনালোকৰে জীৱিকা, কর্মত নিজৰে সন্দেহ আছে, তেন্তে কেৱল অবৈজ্ঞানিক কল্পকাহিনী কৈ দোজখৰ ভয় দেখুৱাই জীৱিকা অর্জন কৰাৰ বাহিৰে একো কৰিব নোৱাৰে৷ কাঠমোল্লাসকল দোজখ আছে যদি আপোনালোকেই সকলোতকৈ আগতে দোজখত সোমাব এইবোৰ কাম কৰি থাকিলে৷
(৬) মই জানো, এই পেছাধাৰী কাঠমোল্লা, মৌলবীসকলে যুৱপ্রজন্মক যুক্তিবাদী, বিজ্ঞানমনস্ক সুনাগৰিক কেতিয়াও কৰিব নোৱাৰে৷
এনে প্রেক্ষাপটত সমাজৰ বৰবিহৰ ব্যৱসায় আৰু সেৱনৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষিত, যি সামান্য বিজ্ঞানমনস্ক, যুক্তিবাদী লোক আছে, সেইসকলে আগভাগ ল’ব লাগিব৷ ইয়াৰ বাবে প্রতিটো অঞ্চলত গোট গঠন কৰি আৰক্ষীৰ চলি থকা অভিযানৰ অংশীদাৰ হওক৷ খবৰ দিয়ক৷ পিতৃ–মাতৃ সজাগ হওক৷ নিচাসক্তক পুনঃসংস্থাপন কেন্দ্র(Rehabilitation Centre)ত চিকিৎসা কৰাওক৷
দাডি–টুপী, আৰব্য পোছাক পিন্ধি সমাজ আৰু নৱপ্রজন্ম ধ্বংস কৰা কার্য চাই থাকি একো নকৰিলে মিঞা চোৰ, মিঞা ডকাইত, মিঞা নাৰী নির্যাতনকাৰী এইবোৰ শুনি থাকিব লাগিব আৰু ওৱাজ কৰিবলৈ এটা সময়ত আপোনাৰ সন্মুখত মনে মনে বহি থকা দহ–বিশজন লোকো নাপাব আৰু আপোনালোকৰো জীৱিকাৰ মূধা মৰিব৷
নির্বাচন শেষ হ’ল৷ যি কৰিলে কৰিলে৷ নির্বাচনৰ সময়ত সভাবোৰত দেখা জনসমাগমৰ সামান্য এটা অংশও যদি এই কামটোত মনেপ্রাণে লাগে মই ভাবোঁ এই ভয়াৱহ সমস্যা বহু পৰিমাণে নিয়ন্ত্রণলৈ আনিব পাৰিব৷ বিষয়টো যদিও আন্তর্জাতিক, আমাৰ নিজৰ ঠাইত ক্রেতা আৰু যোগান ধৰোঁতা কমাব পাৰিলে আন্তর্জাতিক যোগানতো লেকাম লগাব পৰা যাব৷
মোৰ এই কথাখিনিৰ কাৰণে কোনোবা মোল্লাই যদি কিবা ফতোৱা জাৰি কৰে তাৰ মুখামুখি হ’বলৈ প্রস্তুত আছোঁ৷ ড্রাগ্ছৰ কবলত পৰি এটা পৰিয়াল কেনেকৈ শেষ হৈ যায় সেয়া প্রত্যক্ষদর্শী আৰু ভুক্তভোগীয়েহে জানে৷ মোল্লাই এঘৰীয়া কৰিলে কৰক, দুজন সচেতন হৈ আৰক্ষীক সহায় কৰিলে সেয়াই এই পোষ্টৰ চৰমপ্রাপ্তি হ’ব৷
‘‘Say No to Drugs’’

বিঃ দ্রঃ যিমান পাৰে শ্বেয়াৰ কৰক৷ কপী–পেষ্ট কৰিও শ্বেয়াৰ কৰিব যাতে মানুহৰ মাজত ক্রিয়া–প্রতিক্রিয়াৰ সৃষ্টি হয়৷
(‘হোৱাটছ এপ’যোগে প্রাপ্ত)
বিভ্রান্তিকৰ যুক্তি–তর্ক পৰিহাৰ কৰি সঁচা উদ্বিগ্ণতাৰ কাৰণসমূহৰ নির্মোহ আৰু মুকলি বিচাৰৰ পৰিৱেশ হ’ব সেই আশাৰে সামৰিছোঁ৷

You might also like