নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ জুলাইত মহাকাশ অভিমুখে বেজ’ছ ভাতৃদ্বয়

নিয়মীয়া বাৰ্তা ৯ জুনঃ অনলাইন বাণিজ্যিক সংস্থা আমাজনৰ মুৰব্বী জেফ বেজ’ছ আৰু তেওঁৰ ভাতৃ মার্কে অহা মাহত ব্লু অৰিজিন কোম্পানীৰ ৰকেটৰ পৰা মহাকাশ যাত্রা কৰিব৷ প্রথমবাৰলৈ বেজ’ছ আৰু মার্কে মহাকাশ অভিযানত অংশগ্রহণ কৰিব৷ কালি বেজ’ছে উল্লেখ কৰে যে পাঁচ বছৰ বয়সৰ পৰা মহাকাশত উৰণৰ তেওঁৰ সপোন দেখিছিল৷ আগন্তুক ২০ জুলাইত ভাতৃ মার্কৰ সৈতে মহাকাশলৈ যাত্রা কৰিব আমাজনৰ মুৰব্বীগৰাকীয়ে৷ কালি এক ইনষ্টাগ্রাম প’ষ্টৰ জৰিয়তে বিশ্বৰ অন্যতম ধনাঢ়্য ব্যক্তিগৰাকীয়ে এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে বেজ’ছ তথা অন্য দুগৰাকী ধনকুবেৰ এলন মাষ্ট আৰু ৰিচার্ড ব্রেনছনে ইতিমধ্যে মহাকাশ অভিযানৰ ৰকেটৰ নামত কেইবানিযুত ডলাৰ ব্যয় কৰিছে৷

You might also like