নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ এনএছচিএন (ক) নিকিৰ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘বিদ্রোহমুক্ত আৰু সমৃদ্ধিশালী পূর্বোত্তৰ’ৰ ভিজনক পৰিপূৰণ আৰু নগা শান্তি প্রক্রিয়াত লক্ষণীয়ভাৱে উদ্দীপনা যোগাই, কেন্দ্রীয় গৃহ পৰিক্রমা মন্ত্রী অমিত শ্বাহৰ তত্ত্বাৱধানত, নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (কে) নিকি গোটৰে যুদ্ধবিৰতি চুক্তি সম্পন্ন কৰে ভাৰত চৰকাৰে৷

২০২১ চনৰ ৮ ছেপ্ঢেম্বৰৰ পৰা এবছৰৰ বাবে এই চুক্তি কার্যকৰী হ’ব৷ এই শান্তি প্রক্রিয়াত গোটটোৰ ২০০ৰো অধিক কেডাৰে ৮৩ অস্ত্র–শস্ত্র সম্বৰণেৰে যোগদান কৰে৷ ২০২১ চনৰ ৮ ছেপ্ঢেম্বৰত যুদ্ধবিৰতি চুক্তি আৰু সন্মত যুদ্ধবিৰতি গ্রাউণ্ড বিধি স্বাক্ষৰিত হয়৷ ভাৰত চৰকাৰে ইতিমধ্যে এনএছচিএন (আইএম)ৰ সৈতে ফ্রেমৱর্ক চুক্তি আৰু আন নগা গোটসমূহ যথাঃ এনএছচিএন (এন কে), এনএছচিএন (আৰ) আৰু এনএছচিএন (কে)–খাংগুৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছে৷ ইয়াৰ পূর্বে ভাৰত চৰকাৰে ২০১৯ চনৰ আগষ্টত এনএলএফটি (এছডি)ৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে৷ যাৰ জৰিয়তে ত্রিপুৰাৰ ৮৮ কেডাৰে ৪৪ অস্ত্র–শস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ আহে৷

২০২০ৰ জানুৱাৰীত বডো চুক্তি স্বাক্ষৰিতৰে, এনডিএফবিৰ আটাইকেইটা গোটকে ধৰি বিদ্রোহী সংগঠনসমূহৰ ২,২৫০ৰো অধিক কেডাৰে ৪২৩ অস্ত্র–শস্ত্রসহ আৰু বৃহৎ পৰিমাণৰ আগ্ণেয়াস্ত্রৰে অসমত আত্মসমর্পণেৰে মূলসুঁতিলৈ আহে৷ ২৩–০২–২০২১ত অসমৰ কেইবাটাও কার্বি বিদ্রোহী গোটৰ ১০৪০ নেতা/কেডাৰে ৩৩৮ অস্ত্র–শস্ত্রসহ আত্মসমর্পণ কৰে আৰু ইয়াৰ পিছতেই ০৪–০৯–২০২১ত কার্বি আংলং চুক্তি স্বাক্ষৰিত হয়৷

You might also like