নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ শুভ ৰং হালধীয়া, সংখ্যা ৭৷ হাতলৈ টকা–পইচা আহিব৷ ব্যৱসায়ত সমস্যা থাকিব৷ হাতত থকা মূল্যৱান বস্তু হেৰাব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই শনিৰ চালিছা পাঠ কৰিব৷
বৃষ ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৬৷ যান–বাহন চলাওঁতে সাৱধান হ’ব৷ আজি আপোনাৰ দ্বাৰা আনৰ ক্ষতি হোৱাৰ আশংকা আছে৷ প্রতিকাৰ– বাহন লক্ষ্মীৰ পূজা কৰিব৷
মিথুন ঃ শুভ ৰং নীলা, সংখ্যা ৬৷ আজিৰ দিনটো আপোনাৰ বাবে শুভ যদিও আর্থিক দিশত কিছু সমস্যা আহিব পাৰে৷ প্রতিকাৰ– সোঁহাতৰ আঙুলিত লোৰ আঙঠি পিন্ধিব৷
কর্কট ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৮৷ দূৰলৈ ভ্রমণ পাৰিলে নকৰা ভাল৷ ব্যৱসায়ীসকলৰ অর্থহানি হ’ব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– আঁহত গছৰ পাতত ঘিউৰ চাকি জ্বলাব৷
সিংহ ঃ শুভ ৰং গুলপীয়া, সংখ্যা ৩৷ পৰিয়ালৰ লগত মতবিৰোধ হ’বপাৰে৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্ত্র দান কৰিব৷
কন্যা ঃ শুভ ৰং ৰঙা, সংখ্যা ৫৷ কর্মসংস্থাপন লাভ কৰিব পাৰে৷ আনৰ পৰা পোৱা সহায়ে আপোনাৰ জীৱনৰ ৰং সলনি কৰিব পাৰে৷
তুলা ঃ শুভ ৰং আকাশী নীলা, সংখ্যা ২৷ শত্রুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে৷ সন্তানৰ ভৱিষ্যতৰ বাবে কিবা স্থায়ী কাম সম্পন্ন হ’ব৷ প্রতিকাৰ– ঘিউৰ চাকি জ্বলাই তাত এটা পাণ পিপলি দি ৰাখিব৷
বৃশ্চিক ঃ শুভ ৰং হালধীয়া, সংখ্যা ৯৷ চাকৰিৰ স্থানত সমস্যা আহিব পাৰে৷ কর্মসংস্থাপন বিচৰাসকলে ভাল খবৰ পাব৷ আকস্মিক দুর্ঘটনাৰ যোগ৷ প্রতিকাৰ– পূব দিশলৈ মুখ কৰি গা ধুব৷
ধনু ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৮৷ টকা–পইচাৰ লেনদেন নিজ হাতেৰে কৰিব অন্যথা ক্ষতিৰ আশংকা আছে৷ অচিনাকি ব্যক্তিৰ দ্বাৰা অপদস্থ হোৱাৰ ভয়৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দি সেৱা কৰিব৷
মকৰ ঃ শুভ ৰং গুলপীয়া, সংখ্যা ৩৷ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ ঘৰৰ মুখ্য ব্যক্তিৰ শৰীৰ অসুস্থ হৈ সমস্যাত পেলাব পাৰে৷ প্রতিকাৰ– শিৱ মন্দিৰত লোহাৰ ত্রিশূল এপাত দান কৰিব৷
কুম্ভ ঃ শুভ ৰং নীলা, সংখ্যা ৫৷ হ’ব লগা কামৰ সুফল লাভ কৰিব৷ আপুনি কৰা ভাল কামৰ বাবে পুৰস্কৃত হ’ব৷ মূল্যৱান বস্তু হেৰাব পাৰে৷ প্রতিকাৰ– শিৱ মন্দিৰত থকা ব্রাহ্মণ এজনক বগা বস্তু দান কৰিব৷
মীন ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ ঘৰুৱা ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে৷ বিপদকালত আনৰ পৰা আর্থিক সাহায্য পাব৷ প্রতিকাৰ– শিৱ মন্দিৰত থকা শিৱলিংগত গাখীৰ আৰু ধতুৰা ফুল অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷

You might also like