নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেৰমান আলীৰ গুণ্ডাগিৰি : পাবলগীয়া টকাৰ বাবে মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলীৰ নিৰ্দেশ

বাৰ্তা ব্যুৰো, বৰপেটা, ১৭ মেঃ তই কিহৰ চিকিউৰিটি৷ তোৰ ডিউটি কি৷ মোক মানুহে অপমান কৰিব আৰু তই মনে মনে চাই থাকিবি৷ ফুটা, গুলি ফুটা…..দহটা গুলি মাৰ…. মই চাম…. ৷ ৰাজহুৱা স্থানত নিজৰ দেহৰক্ষীক গালি গালাজ  কৰি এগৰাকী ব্যক্তিক গুলীয়াবলৈ কৈ পুণৰ বিতৰ্কৰ মাজত সোমাই পৰিছে  বাঘবৰৰ নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ৷ আজি মণ্ডল কংগ্ৰেছৰ এজন সভাপতিক বিধায়ক শ্বেৰমান আলী আহমেদে দেহৰক্ষীৰ দ্বাৰা গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বাঘবৰৰ বাঘমাৰা চৰত এটা পঞ্চায়ত গৃহ উদ্বোধন কৰাৰ পাছতেই এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিগত বিধানসভা নিৰ্বাচনত বাঘমাৰাচৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমে নিৰ্বাচনৰ সময়ত ২ লাখ টকা খৰচ কৰাৰ পিচত বিগত দুটা বছৰ পাৰ হৈ যোৱাৰ পাছতো টকা নোপোৱাত আজি মণ্ডল কংগ্ৰেছৰ সভাপতিজনে বিধায়কজনৰ ওচৰত পাব লগীয়া ধন বিচৰাত বিধায়কজনে খঙত অগ্নিশৰ্মা হৈ নিজৰ দেহৰক্ষীক মণ্ডল কংগ্ৰেছৰ সভাপতিজনক গুলি কৰাৰ নিৰ্দেশ দিয়ে ৷ কিন্তু দেহৰক্ষীজনে বিধায়কজনৰ নিৰ্দেশ পালন নকৰাত দেহৰক্ষীজনকো অকথ্য গালি গালাজ পাৰে ৷ বিধায়ক জনৰ এনে কাৰু-কাৰ্যত স্থানীয় একাংশ ৰাইজে ক্ষুব্ধ হৈ বিধায়কৰ বিৰুদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like