নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাংগুলীলৈ জেড কেটেগৰীৰ নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ১৮ মে’: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীক জেড কেটেগৰীৰ নিৰাপত্তা প্রদান কৰা হৈছে৷ প্রশাসনিক পর্যায়ত পুনৰীক্ষণৰ অন্তত সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ মন কৰিবলগীয়া যে এতিয়ালৈকে ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন অধিনায়কগৰাকীয়ে ৱাই কেটেগৰীৰ নিৰাপত্তা লাভ কৰিছিল৷ কিন্তু এতিয়া ইয়াক জেড কেটেগৰীলৈ বৃদ্ধি কৰা হৈছে৷ জানিব পৰা মতে, ভি ভি আই পিৰ নিৰাপত্তাৰ দায়িত্বত থকা বিভাগটোৰ পর্যালোচনাৰ অন্তত গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে৷ ইতিমধ্যে ঠাকুৰপুকুৰ আৰক্ষী থানাৰ বিশেষ শাখাৰ বিষয়াসকলে প্রাক্তন অধিনায়কগৰাকীৰ ঘৰত উপস্থিত হৈ পর্যবেক্ষণ কৰিছে৷ অৱশ্যে মহাৰাজৰ নিৰাপত্তা বৃদ্ধিৰ সঠিক কাৰণ আৰক্ষীয়ে স্পষ্ট কৰা নাই৷

You might also like