নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রেই দেশবাসীয়ে পাব ভেকচিন

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ  কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে আজি উল্লেখ কৰিছে যে আগন্তুক কেইটামান দিনৰ ভিতৰতে দেশবাসীক ক’ভিড ভেকচিন প্রদান কৰিবলৈ সক্ষম হ’ব চৰকাৰ৷ গণ টিকাকৰণৰ বাবে দ্বিতীয় পর্যায়ৰ ড্রাইৰান অথবা ভেকচিন প্রদানৰ আখৰা ইতিমধ্যে ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ ৭৩৬খন জিলাত আৰম্ভ হৈছে৷ চেন্নাইৰ চৰকাৰী হাস্পতাল পৰিদর্শন কৰি ক’ভিডৰ টিকাকৰণৰ বাবে চলি থকা আখৰাৰ পর্যালোচনা চলাই আজি এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ অৱশ্যে মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কোনো নির্দিষ্ট দিন বা তাৰিখ ঘোষণা কৰা নাই৷ কিন্তু অতি কম দিনৰ ভিতৰতে দেশবাসীক ভেকচিন প্রদান কৰিব পৰা যাব বুলি আশা প্রকাশ কৰিছে মন্ত্রী হর্ষবর্ধনে৷

You might also like