নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাবমেৰিনত বেলিষ্টিক ক্ষেপণাস্ত্র সংস্থাপন উত্তৰ কোৰিয়াৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে ১৯৯০ দশকৰ পিছত দেশখন প্রথমবাৰলৈ দুর্ভিক্ষৰ সন্মুখীন হ’ব বুলি সতর্কবাণী কৰাৰ সময়তে ছাবমেৰিনৰ পৰা ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাবলৈ সাজু হৈছে দেশখনৰ সেনা৷ আমেৰিকাৰ এক থিংক টেংকৰ প্রতিবেদনত উল্লেখ হৈছে এই কথা৷ অৱশ্যে পূর্বৰ স্থানৰ পৰাই নহয়, নতুন এক পৰীক্ষাস্থলীৰ পৰা এই ক্ষেপণাস্ত্র উৎক্ষেপনৰ যো–জা চলাইছে উত্তৰ কোৰিয়াই৷

দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি উত্তৰ কোৰিয়াই ইতিমধ্যে ৩০০০ টন ওজনৰ এক ছাবমেৰিনৰ সৈতে এটা বেলিষ্টিক ক্ষেপণাস্ত্র সংলগ্ণ কৰিছে৷ যিকোনো মুহূর্ততে এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষণ চলাব কিম জং–উন প্রশাসনে৷ স্মর্তব্য যে ২০১৯ চনৰ জুলাইত উত্তৰ কোৰিয়াই তিনি হাজাৰ টন ওজনৰ বিশাল ছাবমেৰিন নির্মাণ কৰি থকাৰ কথা প্রথমবাৰলৈ ঘোষণা কৰিছে৷ শেহতীয়াকৈ এই ছাবমেৰিনখনৰ নির্মাণকার্য সম্পূর্ণ হোৱা বুলি আমেৰিকাৰ থিংক টেংকটোৱে ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে দক্ষিণ কোৰিয়াৰ তৰফৰ পৰাও একেই আশংকা প্রকাশ কৰিছে শীর্ষ সেনা বিষয়াসকলে৷

ইফালে, দক্ষিণ কোৰিয়াৰ য়’নহেপ নিউজ এজেঞ্চীয়ে উল্লেখ কৰিছে যে উত্তৰ কোৰিয়াই ছাবমেৰিনৰ পৰা ক্ষেপণাস্ত্র পৰীক্ষা চলাবলৈ বিগত দুই বছৰ ধৰি নিজকে প্রস্তুত কৰি আহিছে৷ এই ছাবমেৰিনৰ পৰীক্ষা চলাই আমেৰিকাৰ বিৰুদ্ধে চাপ তীব্রতৰ কৰাৰ কৌশল ৰচনা কৰিছে শীর্ষ নেতা কিম জং–উনে৷ অৱশ্যে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই উত্তৰ কোৰিয়াৰ ছাবমেৰিনৰ পৰা পৰীক্ষা চলাব পৰা ক্ষেপণাস্ত্র সাজু হৈ থকা বুলি দাবী কৰিছে যদিও পিয়ংয়াং প্রশাসনে কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ পূর্বৰে পৰা উত্তৰ কোৰিয়াই আমেৰিকা বা দক্ষিণ কোৰিয়াৰ কোনো অভিযোগক লৈ মন্তব্য কৰি অহা নাই৷ এয়াও এক দেশখনৰ শত্রুপক্ষৰ চকুত ধূলি দিয়াৰ কৌশল বুলি মার্কিন থিংক টেংকটোৱে ঘোষণা কৰিছে৷

You might also like