থ্রী ইডিয়টছৰ পেংগং হ্রদে মান বচাব পাৰিবনে ভাৰতৰ?
নিয়মীয়া বাৰ্তা ১২ জুনঃ লাডাখ সংলগ্ন ভাৰত–চীন সীমান্তৰ মর্দো পাহাৰৰ সৰু এখন গাঁও চুছুল৷ য’ত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ বিষয়াসকলে বিগত কিছুদিন ধৰি বিভিন্ন পর্যায়ত আলোচনাত মিলিত হৈ আহিছে উত্তেজনা প্রশমনৰ বাবে৷ এই চুছুল গাঁৱৰ বাসিন্দা হ’ল নাৱাং দোর্জে৷ চলিত মাহৰ প্রথম সপ্তাহত সীমান্তত উত্তেজনা যেতিয়া তুংগত, তেতিয়াই ২৫ বছৰীয়া নাৱাঙৰ দৰে চুছুলৰ বহুতো লোকে তললৈ নামি আহিছিল৷ লেহৰ এটা অতিথিশালাত নাৱাঙৰ লগত কথা হ’ল এই প্রতিবেদকৰ৷ ‘থ্রী ইডিয়েটছ’ৰ পেংগং হ্রদৰ সমীপৱৰ্তী গাঁও হৈছে চুছুল৷ হ্রদৰ সিপাৰত আছে সীমান্তৰ ৮টা পিলাৰ৷ ফিংগাৰ ১ৰ পৰা ফিংগাৰ ৮ বুলি সেনাবাহিনীৰ মাজত পৰিচিত এই পিলাৰবোৰ৷ ১৯৬২ চনৰ চীন–ভাৰতৰ যুদ্ধৰ পাছত ফিংগাৰ ৮ আছিল ভাৰতীয় সেনাবাহিনীৰ অধীনত৷ নাৱাঙেই জনালে বিগত প্রায় অর্ধশতাব্দীৰ অধিক কাল ধৰি গোপনে চীনা সৈন্যই ফিংগাৰ ৪লৈকে আগ্রাসন চলাই আছিল যোৱা এপ্রিল মাহলৈকে৷ ভাৰতীয় সেনাবাহিনীৰ পেড্র’লিং সীমাবদ্ধ আছিল ফিংগাৰ ৪লৈকে৷ পিছে এপ্রিল–মে’ মাহৰ ভিতৰতেই চীনা সৈন্যই আহি পালে ফিংগাৰ ২লৈকে৷ আৰু তেতিয়াৰ পৰাই পূব লাডাখৰ সীমান্তত যুদ্ধৰ পৰিৱেশ বিৰাজ কৰা বুলি নাৱাঙে এই প্রতিবেদকক জানিবলৈ দিয়ে৷ ইয়াৰ মাজতেই মে’ মাহৰ শেষৰ ফালে পেংগং হ্রদৰ সিপাৰত থকা ২নং পিলাৰৰ কাষত অত্যাধুনিক মাৰণাস্ত্র ত্যাগ কৰি শিল–লাঠীৰে দুই দেশৰ সেনা জোৱান সমুখসমৰত লিপ্ত হয়৷ অর্ধশতাধিক ভাৰতীয় সেনা জোৱানৰ লাঠীৰ কোবত গুৰুতৰভাৱে আহত হয় কমেও দুজন চীনা সৈন্য৷ লণ্ডভণ্ড কৰা হয় চীনা সৈন্যৰ কমেও দুখন গাডী৷ নাৱাঙৰ দৰে চুছুলৰ বহুতো লোকৰ হাতত এতিয়া উক্ত সংঘর্ষৰ কেইবামিনিটৰ ভিডি’ উপলব্ধ আছে৷ মূলতঃ ভাৰতীয় সেনাবাহিনীৰ পৰা উক্ত ভিডি’ সীমান্তৰ গাঁওবাসীৰ হাতলৈ অহা বুলি নাৱাঙে দাবী কৰে৷ স্থানীয় লোকসকলৰ মাজত সংঘর্ষৰ ভিডি’ একপ্রকাৰ ভাইৰেল হোৱা মাত্রই প্রশাসনৰ তৰফৰ পৰা সীমান্তৱত্ গাঁওসমূহত ইণ্টাৰনেট সেৱা কর্তন কৰাৰ কথা নাবাঙে জানিবলৈ দিয়ে৷ নাবাঙৰ মতে যোৱা দুই–তিনি বছৰ ধৰি পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰা পেংগং হ্রদৰ মান ভাৰতীয় সেনাই বচাব পাৰে নে নাই, সেয়া সময়ে ক’ব যদিও পেংগং হ্রদেই এতিয়া ভাৰতৰ মান বচাব পাৰে৷ কাৰণ পেংগং হ্রদৰ ইটো পাৰৰ উপত্যকাত ভাৰতে সমৰসজ্জা প্রস্তুত কৰিব পাৰে৷ আনকি দীর্ঘদিন ধৰি চীনা সৈন্যই দখল কৰি থকা চেং চেনম’ পার্বত্য এলেকাও ভাৰতীয় সেনাবাহিনী পুনৰ দখল কৰিব পাৰে পেংগং হ্রদৰ সমতল এলেকাৰ পৰা ৰণনীতি প্রস্তুত কৰি৷ এইক্ষেত্রত ভাৰতৰ ‘মাউণ্টেন ৱাৰফেয়াৰ’ৰ কৌশলগত এপ্রোচ লক্ষণীয় বিষয় হ’ব পাৰে বুলি মন্তব্য কৰিছে সৰুৰে পৰা সেনাবাহিনীৰ মাজত বিচৰণ কৰা যুৱক নাৱাঙে৷ অনুৰূপ মন্তব্য অতিথিশালাৰ স্বত্বাধিকাৰী ছেৰিং দোর্জেৰো৷ দোর্জেৰ আশংকা ড্রেগনৰ দেশে প্রকৃতিৰ অনন্য উপহাৰস্বৰূপ পেংগং হ্রদকো এদিন নিজৰ অধীনলৈ নিব পাৰে৷ তাৰ পূর্বে পেংগং হ্রদৰ পৰাই হেৰাই যোৱা ভূমি পুনৰ দখলৰ বাবে ভাৰতে অভিযান আৰম্ভ কৰা উচিত৷ অৱশ্যে এয়া হৈছে নাৱাং কিম্বা ছেৰিঙৰ নিজৰ মাতৃভূমিৰ প্রতি থকা ব্যক্তিগত ছেণ্টিমেণ্টহে৷