নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা ক’ভিড আক্রান্তই ৭ দিনহে পাব ছুটী, অষ্টম দিনা যোগদান কৰিব লাগিব কর্মথলীত

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: “ৰাজ্যত সংক্রমণ বাঢ়িলেও বৃদ্ধি হোৱা নাই চিকিৎসাধীন ৰোগীৰ সংখ্যা। চৰকাৰে নিদিয়ে নতুন এছ’পি, নতুনকৈ জাৰি নকৰে বাধা–নিষেধো।”– আজি হাফলঙত এখন সংবাদ মেলত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যদিও ৰাজ্যখনত ক’ভিডৰ সংক্রমণ বাঢ়িছে কিন্তু ১২ শতাংশ ক’ভিড ৰোগীহে হাস্পতালত ভর্তি হৈছে৷ সেয়ে মুঠ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লেও হাস্পতালত চিকিৎসাধীন হ’বলগীয়া ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে কোনো নতুন এছ অ’ পি এই মুহূর্তত বলৱৎ কৰিব বিচৰা নাই আৰু নতুনকৈ কোনো বাধা–নিষেধ আৰোপ কৰিব বিচৰা নাই৷

ইফালে পূর্বতে কোনো লোক ক’ভিডত আক্রান্ত হ’লে কর্মথলীত কেতিয়াকৈ যোগদান কৰিব, সেই সম্পর্কত কোনো নির্দিষ্ট সময়সীমা নাছিল৷ কিন্তু এতিয়াৰে পৰা ক’ভিডত আক্রান্ত লোকক ৭ দিনহে ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৭ দিন পাছত অষ্টম দিনা লোকজনে চৰকাৰী কার্যালয়েই হওক বা বেচৰকাৰী কার্যালয়েই হওক, নিজ কর্মথলীত যোগদান কৰিব লাগিব৷ অৱশ্যে হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা কোনো লোকক যদি চিকিৎসকে কোনো কাৰণত হাস্পতালৰ পৰা ৰিলিজ নিদিয়ে, তেতিয়াহ’লে বেলেগ কথা৷ কিন্তু হোম কোৱাৰেন্টাইনত থকা লোকসকলে ৮ নম্বৰ দিনা নিজৰ কামলৈ ঘূৰি আহিব লাগিব।

You might also like