নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ত ড০ শর্মা চৰকাৰৰ দুবছৰ পূর্তিঃ গৃহমন্ত্রী অমিত শ্বাহে বিতৰণ কৰিব ৫০ হাজাৰ নিযুক্তি পত্র

  • দ্বিতীয় বর্ষপূর্তিক লৈ মুখ্যমন্ত্রীৰে জ্যেষ্ঠ সচিবৰ বৈঠক
  • তৃতীয়–চতুর্থবর্গৰ নিয়োগ ব’ৰ্ডৰ সৈতে ড০ শর্মাৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে অহা ১০ মে’ত দুবছৰ সম্পূর্ণ কৰিব৷ সফলতাৰে চৰকাৰখনে দুটা বছৰ সম্পূর্ণ কৰাৰ পৰিপ্রেক্ষিতত দ্বিতীয় বর্ষপূর্তি অনুষ্ঠানৰ আয়োজন সম্পর্কত আজি মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন বিভাগৰ শীর্ষ আমোলাসকলৰ উপস্থিতিত এখন বৈঠকত মিলিত হ’ব৷

জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাগৃহত আজি দিনৰ ১ বজাৰ পৰা আয়োজিত উক্ত বৈঠকত অসম চৰকাৰৰ প্রতিটো বিভাগৰ জ্যেষ্ঠতম সচিব, আৰক্ষী সঞ্চালকপ্রধান, সাংস্কৃতিক পৰিক্রমা বিভাগৰ প্রধান সচিব, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক আমন্ত্রণ কৰা হৈছে৷ মূলতঃ দ্বিতীয় বর্ষপূর্তি অনুষ্ঠান কেনেদৰে আয়োজন কৰা হ’ব, সেই সম্পর্কতে আজিৰ বৈঠকত আলোচনা কৰা হ’ব৷

জানিব পৰা মতে, বর্তমানৰ ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বর্ষপূর্তি অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব৷ আনহাতে, এক লাখ নিযুক্তি সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কালি তৃতীয় আৰু চতুর্থবর্গ নিয়োগ আয়োগৰ সৈতে এখন বৈঠকত মিলিত হয়৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ সময়ত বিজেপি শাসনলৈ আহিলে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ ড০ শর্মাৰ নেতৃত্বত চৰকাৰখনে শপতগ্রহণ কৰিয়েই প্রথম দিনটোতে এক লাখ নিযুক্তিৰ প্রতিশ্রুতি কার্যকৰীকৰণৰ দিশত অগ্রসৰ হয়৷ বিগত সময়ছোৱাত চৰকাৰখনে প্রায় ৫০ হাজাৰ যুৱক–যুৱতীক বিভিন্ন বিভাগত নিযুক্তি দিবলৈ সক্ষম হয়৷

শেহতীয়াকৈ অহা মে’ মাহত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জৰিয়তে পুনৰ প্রায় ৫০ হাজাৰক নিযুক্তি পত্র বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী ড০ শর্মাই কালি তৃতীয় আৰু চতুর্থবর্গ পদৰ নিয়োগ আয়োগৰ সৈতে বৈঠকত মিলিত হৈ নিযুক্তি প্রক্রিয়াৰ অগ্রগতিৰ বুজ লয়৷

You might also like