নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে ক’ভিডে ৰাজ্যত প্রাণ ল’লে ৬১জনৰঃ আক্রান্ত ৪,১৭৮

নিয়মীয়া বাৰ্তা ৩ জুনঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ সামান্য পৰিমাণে হ্রাস পালেও উদ্বেগজনক হৈয়েই আছে মৃত্যুৰ হাৰ৷ বুধবাৰে ৰাজ্যত পুনৰ ক’ভিডত আক্রান্ত হৈ ৬১জন লোকৰ মৃত্যু ঘটিছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৫জন কার্বি আংলঙৰ৷ তদুপৰি কাছাৰ–ডিব্রুগড়–যোৰ্ মহানগৰ–শোণিতপুৰ্ ৪জনকৈ, হোজাই–নগাঁও–শিৱসা তিনিজনকৈ, বৰপেটা–বঙাইগাঁও–দ্ ২জনকৈ আৰু চৰাইদেউ–চিৰাং–গোলাঘ্ শালমাৰাত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইপিনে, ৰাজ্যত আজি নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪,১৭৮জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,০২,৯২২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৪.০৬ শতাংশ৷ নতুনকৈ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৪১৫জন তিনিচুকীয়াৰ৷ তদুপৰি কামৰূপ মহানগৰ জিলাৰ ৩৮৩জন, ডিব্রুগড় জিলাৰ ৩১৩জন আৰু নগাঁও জিলাৰ ২৯৪জন লোক ক’ভিডত আক্রান্ত হৈছে৷ অৱশ্যে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা সন্তোষজনক৷ বুধবাৰে ৪,৩৮৯জন লোক সুস্থ হৈছে৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫১,০৬১জন৷
দেশজুৰি বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত ১.৩২ লাখজন লোক
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰসৃষ্ট বিপজ্জনক পৰিস্থিতি ক্রমান্বয়ে সুস্থিৰলৈ আহি আছে৷ বিগত ১৫ দিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ তেনেদৰে বিগত চাৰি দিন ধৰি মৃতকৰ সংখ্যাও হ্রাস পাবলৈ ধৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ১,৩২,৭৮৮জন লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত আক্রান্তৰ সংখ্যা ২,৮৩,০৭,৮৩২জনলৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত সুস্থ হোৱা লোকৰ সংখ্যা ২,৩১,৪৫৬জন৷ অর্থাৎ যোৱা ২৪ ঘণ্টাত আক্রান্ততকৈ ১ লাখ লোক অধিক সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ দেশৰ সুস্থ হোৱা লোকৰ সংখ্যা ২.৬৬ লাখৰ অধিক হৈছে৷ আনপিনে, যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৩,২০৭জনৰ৷ ইয়াকে লৈ দেশজুৰি মৃতকৰ সংখ্যা ৩,৩৫,১০২জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বিগত পষেক ধৰি দেশত পজিটিভিটীৰ হাৰ ১০ শতাংশৰ তললৈ নামি আহিছে৷ সুস্থতাৰ হাৰ প্রায় ৯৩ শতাংশলৈ বৃদ্ধি পাইছে৷ ইপিনে, দেশজুৰি ক’ভিড–১৯ ভেকচিনৰ নাটনি অব্যাহত আছে যদিও টিকাকৰণ অভিযান চলি আছে৷ আজি পুৱালৈকে সমগ্র দেশত ভেকচিন প্রদান কৰা লোকৰ সংখ্যা ২১,৮৫,৪৬,৬৬৭জনলৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে সম্প্রতি দেশত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা ১৭,৯৩,৬৪৫জন৷

You might also like