নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ স্থানান্তৰ অইলৰ কর্প’ৰেট মুখ্য কার্যালয়

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  সংহাৰী বাঘজান কাণ্ডৰ পৰা শিক্ষা লৈ অইল ইণ্ডিয়া লিমিটেড সন্দর্ভত এক ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ অইলৰ কর্প’ৰেট মুখ্য কার্যালয় অসমত থাকিলে বাঘজানত সূত্রপাত ঘটা জুইকুৰাই ভয়ংকৰ ৰূপ ধাৰণ নকৰিলেহেঁতেন৷ এই কথা উপলব্ধি কৰি শেহতীয়াকৈ কেন্দ্রীয় পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ে এক গুৰুত্বপূর্ণ নির্দেশ দিছে৷ নির্দেশটোত ৰাজধানী দিল্লীৰ সমীপৱর্তী নইদাস্থিত কর্প’ৰেট মুখ্য কার্যালয় শীঘ্রে অসমলৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছে অইলক৷ প্রধানতঃ বাঘজান কাণ্ডৰ দৰে ঘটনাৰ যাতে ভৱিষ্যতে পুনৰাবৃত্তি নঘটে, তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ অর্থনীতি বিষয়ক বহুল প্রচাৰিত ৰাষ্ট্রীয় সংবাদ–পত্র ‘ইক’নমিক টাইমছ’ত এই সন্দর্ভত বিশেষ সূত্রৰ উদ্ধৃতিৰে প্রকাশিত এক বাতৰিত উল্লেখ কৰা অনুসৰি তৈল কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰু সঞ্চালককে ধৰি শীর্ষ বিষয়াসকলে নইদাৰ পৰাই তেল–গেছ আহৰণৰ প্রক্রিয়াটো পৰিচালনা কৰে৷ অথচ অইলৰ কর্মক্ষেত্র মূলতঃ অসমসহ উত্তৰ–পূর্বাঞ্চলতহ্ সীমাবদ্ধ৷ অইলৰ অপাৰেচনেল মুখ্য কার্যালয় দুলীয়াজানত আছে যদিও কেন্দ্রীয় পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ৰ মতে প্রতিষ্ঠানটোৰ শীর্ষ বিষয়াসকলে অসমৰ পৰাই কাম–কাজ পৰিচালনা কৰিলে বাঘজানত সংঘটিত দুর্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ নকৰিলেহেঁতেন৷ চকুৰ সন্মুখতে সকলো কাম–কাজ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’লহেঁতেন৷ কেন্দ্রীয় পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ে অহা দুই–তিনি মাহৰ ভিতৰতে অইলৰ কর্প’ৰেট মুখ্য কার্যালয় নইদাৰ পৰা অসমলৈ স্থানান্তৰ হোৱাটো বিচাৰিছে৷

উল্লেখ্য যে বিগত বর্ষৰ ২৭ মে’ত বাঘজান তৈলক্ষেত্রৰ ৫নং খাদত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল৷ বিস্ফোৰণৰ পিছতে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপৱর্তী অঞ্চলটোৰ এক বৃহৎ অংশক জুইৰ লেলিহান শিখাই আৱৰি ধৰে৷ প্রায় পাঁচ মাহ ধৰি জ্বলি আছিল বাঘজানৰ সংহাৰী জুইকুৰা৷ এই সময়ছোৱাতে তিনিজনকৈ লোকৰ প্রাণহানি হোৱাৰ উপৰি শ শ পৰিয়াল নিজৰ ভেটি–মাটিৰ পৰা উচ্ছেদিত হ’ব লগা হৈছিল৷ ধ্বংস হৈছিল বহুতৰে ঘৰ–দুৱাৰ আৰু কৃষিভূমি৷ আনকি ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জৈৱ–বৈচিত্র্যৰ ওপৰতো বিৰূপ প্রভাৱ পৰিছিল৷ ইয়াৰ সমান্তৰালকৈ অপচয় হৈছিল বিপুল পৰিমাণৰ তেল আৰু প্রাকৃতিক গেছৰ৷ ইয়াৰ পৰাই কেন্দ্রীয় পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ে ধাৰণা কৰিছে যে অইলৰ কর্প’ৰেট মুখ্য কার্যালয় বহিঃৰাজ্য অর্থাৎ নইদাত থকাৰ বাবেই বাঘজানৰ জুই নিয়ন্ত্রণত শীর্ষ বিষয়া আৰু জুই নির্বাপণৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক মাজত সমন্বয়ৰ অভাৱ ঘটিছিল৷ সেয়েহে ভৱিষ্যতে যাতে এনে ধৰণৰ দুর্ঘটনা সংঘটিত নহয়, তাৰ বাবে কেন্দ্রীয় চৰকাৰে অইলৰ কর্প’ৰেট মুখ্য কার্যালয় অসমলৈ স্থানান্তৰ কৰাৰ নির্দেশ দিয়া বুলি ‘ইক’নমিক টাইমছ’ৰ বাতৰিত প্রকাশ৷

You might also like