নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত এল্ট’ গাডীৰ পৰা ৩১,৩২,৪০০ টকা জব্দ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ  সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে বলৱৎ কৰা নির্বাচনী বিধি উলংঘা কৰি ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে এখন এল্ট’ত কঢ়িয়াই অনা ৩১ লাখ ৩২ হাজাৰ ৪০০ টকা মঙলবাৰে গহপুৰৰ হেলেম আৰক্ষীয়ে ‘ষ্টেটিক ছার্ভিলেন্স টীম’ৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাত চাঞ্চল্য বিৰাজ কৰিছে৷

এই সন্দর্ভত জানিব পৰা মতে, লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে নগাঁও অভিমুখে গৈ থকা এ এছ ০৭ এল ১৮৯১ নম্বৰৰ এল্ট’খন আজি বিয়লি প্রায় ১.৩০ বজাত হেলেম থানা অতিক্রম কৰিবলৈ লোৱাৰ মুহূর্তত থানাখনৰ উপ–পৰিদর্শক হিৰণ্য বৰাৰ নেতৃত্বত হেলেম আৰক্ষীৰ এটা টহলদাৰী দলে সন্দেহবশত তালাচী চলায়৷ আৰক্ষীৰ তালাচীত এল্ট’খনৰ ভিতৰত এটা টকাভর্তি বেগ দেখি আৰক্ষীৰ দলটোৱে এল্ট’খন থানালৈ লৈ আহে৷ পিছত বেগটোৰ পৰা আৰক্ষীয়ে ৩১ লাখ ৩২ হাজাৰ ৪০০ টকা উদ্ধাৰ কৰে৷ এল্ট’খনত অহা লখিমপুৰ জিলাৰ ধলপুৰৰ যাদৱ বৰা (৩৫), নগাঁও জিলাৰ জুৰীয়াৰ মিণ্টু কুমাৰ কলিতা (৩২) আৰু কলিয়াবৰ দেউৰী চিলাবন্ধা গাঁৱৰ আলোক কুমাৰ নাথক (৩৪)আৰক্ষীৰ দলটোৱে সোধা–পোছা কৰাত তেওঁলোক ব্রইলাৰ মুর্গীৰ দানা ব্যৱসায়ী বুলি কোৱাৰ লগতে উক্ত টকা তেওঁলোকে দানা দিয়াৰ বাবদ পাবলৈ থকা টকাৰ ব্রইলাৰ মুর্গী পালকৰ পৰা সংগ্রহ কৰি অনা অংশ বুলি উল্লেখ কৰে যদিও তেওঁলোকৰ উক্ত টকাৰ প্রকৃত উৎস সম্পর্কে তদন্ত কৰিবলৈ আৰক্ষীয়ে গহপুৰ কোষাগাৰক বিষয়টো গতাই দিয়ে৷ গহপুৰ কোষাগাৰে তেওঁলোকৰ টকাখিনি জব্দ কৰি বর্তমান তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

You might also like