নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পুনৰ মুকলি হ’ল ফ্র’জেন প্লেনেট; লওক বৰফত খেলাৰ আনন্দ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বৰফৰ সৈতে খেলা অথবা স্কেটিং কৰাৰ আনন্দ এতিয়াৰে পৰা ল’ব পাৰিব গুৱাহাটীৰ মাজমজিয়াত৷ ক’ভিডৰ সংক্রমণৰ বাবে দীর্ঘদিনে বন্ধ হৈ থকা ফ্র’জেন প্লেনেট নামৰ বৰফৰ পার্ক মঙলবাৰে পুনৰ মুকলি কৰা হৈছে৷

উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে প্রথমবাৰৰ বাবে আইচ স্কেটিং ৰিংক সংযোজিত কৰা এই পার্কখন আজি পুনৰ মুকলি কৰে অভিনেত্রী প্রস্তুতি পৰাশৰে৷ মহানগৰীৰ লালুং গাঁৱত অৱস্থিত এই ফ্র’জেন প্লেনেটত স্বাস্থ্যসন্মত সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

এই উপলক্ষে অনুষ্ঠিত কৰা এক অনুষ্ঠানত পার্কখনৰ পৰিচালন সঞ্চালক সঞ্জীৱ ডেকাই কয় যে গ্রাহকসকলৰ বাবে জেকেট, জোতা, হাত মোজা আদিৰ পর্যাপ্ত ব্যৱস্থা ৰখা হৈছে৷ যাতে এইসমূহ ভালদৰে ধোৱা অথবা ছেনিটাইজ কৰাৰ পিছতহে আন এজনে ব্যৱহাৰ কৰিব পাৰে৷

উল্লেখ্য যে ২০১৯ বর্ষৰ ১৫ ছেপ্ঢেম্বৰত প্রথমবাৰৰ এই পার্কখন মুকলি কৰা হৈছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিগত মার্চৰ পৰা সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷

You might also like