নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকাক অপহৰণ কৰি অপকৰ্ম কৰাৰ অভিযোগত আৰক্ষীৰ জালত এজন

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত এটা অঞ্চলৰ এগৰাকী নাবালিকাক অপহৰণ কৰি কু-কাণ্ড কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, নাবালিকাগৰাকীৰ পৰিয়ালে গোলকগঞ্জ থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত ৩১২/২৫ নম্বৰৰ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত U/S 87/12(2)/64/3(5) BNS R/W Sec 6 of POCSO actত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল। সেই তদন্তৰ ভিত্তিত কালি গোলকগঞ্জ আৰক্ষীয়ে লম্পট আবেদুৰ ৰহমান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ। উল্লেখ্য যে আবেদুৰৰ সহযোগী ৰূপে থকা আন এজন যুৱক বৰ্তমানেও পলাতক হৈ আছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ জানুৱাৰী :

You might also like