নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদত অস্থিৰ ইৰানত দুসপ্তাহত মৃত্যু ১১৬জনৰ

নিউজ ডেস্ক, ১১ জানুৱাৰী : শাসনত অধিষ্ঠিত হোৱাৰ তিনি বছৰৰ ভিতৰতে সর্ববৃহৎ প্রতিবাদৰ সন্মুখীন হৈছে ইৰান চৰকাৰ৷ দুসপ্তাহ পূর্বে আৰম্ভ হোৱা এই প্রতিবাদত বর্তমানলৈকে ১১৬জন লোক নিহত হৈছে৷ নিশ্চিতভাৱে নিহতসকলৰ মাজত অন্ততঃ ৯টি শিশুও আছে। তদুপৰি ২,৬০০তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বহু লোকক নিশাই অভিযান চলাই বা আঘাতপ্ৰাপ্ত হৈ চিকিৎসাৰ বাবে হাস্পতাললৈ যোৱা অৱস্থাতে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সামগ্রীৰ দাম তথা জীৱন–যাপনত অনিয়ন্ত্রিত ব্যয় বৃদ্ধিৰ বিৰুদ্ধে সাধাৰণ জনতাই ক্ষোভ উজাৰি আৰম্ভ কৰা প্রতিবাদ ক্রমান্বয়ে চৰকাৰ উৎখাতৰ আন্দোলনত পৰিণত হৈছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, ১৩ দিন পূর্বে দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা খোমেইনিৰ বিৰুদ্ধে ক্ষোভ উজাৰি হাজাৰ হাজাৰ লোকে ৰাজপথত প্রতিবাদ আৰম্ভ কৰে৷ চৰকাৰবিৰোধী শ্লোগানত উত্তাল দেশখনত চৰকাৰী পক্ষই প্রতিবাদ দমনৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰে ৷ সমান্তৰালভাৱে ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছে৷

ইৰানৰ এটৰ্নী জেনেৰেল মহম্মদ মোভাহেদী আজাদে কয় যে প্ৰতিবাদত অংশ লোৱা সকলো লোকক “ঈশ্বৰৰ শত্রু” হিচাপে গণ্য কৰা হ’ব। এই হিচাপত ইৰানৰ ইছলামিক আইনৰ অধীনত এই অপৰাধৰ শাস্তি মৃত্যুদণ্ড হিচাপে গণ্য কৰা হ’ব।

উল্লেখ্য যে এমনেষ্টি ইণ্টাৰনেচনেলে কৰা অভিযোগ অনুসৰি ইৰানৰ শাসকে আন্তঃৰাষ্ট্রীয় আইনৰ অধীনত প্রতিবাদ দমন কৰিবলৈ সংঘটিত কৰা অপৰাধৰ প্রকৃত প্রমাণ লুকুৱাবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিছে৷ সমান্তৰালভাৱে দেশখনত বিমান সেৱাও বাতিল কৰা হৈছে৷ ডুবাই বিমানবন্দৰৰ তথ্য অনুসৰি, ডুবাই আৰু ইৰানৰ মাজত ক্রমেও ১৭খন বিমান বাতিল কৰা হৈছে৷ ইফালে ফ্রান্স, ব্রিটেইন আৰু জার্মানীয়ে ইৰানত সংঘটিত হিংসাত্মক কার্যকলাপক গৰিহণা দিছে৷ প্রতিবাদকাৰীক দমনৰ নামত ইৰান চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধেও মাত মাতিছে বহু বিদেশী ৰাষ্ট্রই৷

You might also like